নেশ্যনেল ডেস্ক, 27 মে': মঙলবাৰে ICMR ৰ সঞ্চালক প্ৰধান ডঃ বলৰাম ভাৰ্গৱে কয় যে, দেশে প্ৰতিদিনে 1.1 লাখ লোকৰ COVID-19 নমুনা পৰীক্ষা কৰিছে ৷ তেওঁ লগতে কয় যে, এই পৰীক্ষণৰ বাবে জানুৱাৰীত কেৱল এটা লেব আছিল যদিও বৰ্তমান ইয়াৰ সংখ্যা 612 টালৈ বৃদ্ধি পাইছে ৷
COVID-19 ৰ পৰিস্থিতি সম্পৰ্কত সংবাদ মাধ্যমক ভাৰ্গৱে কয় যে, National Institute of Virology (NIV) পুনেত কেৱল এটাহে লেব আছিল ৷ 28 ফেব্ৰুৱাৰীত আমি 14 টা ৰাজহুৱা লেব লাভ কৰিলো ৷ 31 মাৰ্চত আমি 125 টা ৰাজহুৱা লেব আৰু 52 টা ব্যক্তিগত লেব লাভ কৰিলো ৷ আজিৰ তাৰিখত আমাৰ হাতত 612 টা লেব আছে আৰু ইয়াৰে 430 টা ৰাজহুৱা লেব হোৱাৰ লগতে 182 টা ব্যক্তিগত লেব ৷ যোৱা কিছু মাহত এই লেবসমূহত পৰীক্ষণ বহু পৰিমাণে বৃদ্ধি পাইছে আৰু প্ৰতিদিনে 1.1 লাখ নমুনা পৰীক্ষা কৰা হৈছে ৷