অসম

assam

ETV Bharat / bharat

চীনৰ নাগৰিক আৰু দেশখনত বাস কৰা বিদেশীৰ ই-ভিছা স্থগিত ভাৰতৰ - কৰ'ণাভাইৰাছৰ বাবে ভাৰতৰ ই-ভিছা স্থগিত

ভাৰতে স্থগিত ৰাখিছে চীনৰ নাগৰিক আৰু দেশখনত বাস কৰা লোকৰ ই-ভিছা ৷ ইতিমধ্যে 647 জন ভাৰতীয়কো চীনৰ পৰা ভাৰতলৈ ওভোটাই অনা হৈছে ৷

কৰ'ণাভাইৰাছৰ বাবে ভাৰতৰ এই সিদ্ধান্ত
চীনৰ নাগৰিকৰ ই-ভিছা বাতিল

By

Published : Feb 2, 2020, 9:54 PM IST

নেশ্যনেল ডেস্ক, 2 ফেব্ৰুৱাৰী :দেওবাৰে চীনৰ নাগৰিক আৰু দেশখনত বাস কৰা বিদেশীসকলৰ ই-ভিছা সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে ৷ চীনত বিধংসী ৰূপ ধাৰণ কৰা কৰ'ণাভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ৷ উল্লেখ্য যে, চুবুৰীয়া দেশ চীনত এই ৰোগে বৰ্তমানলৈকে 300 তকৈও অধিক লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে 14,000 লোক এই ৰোগত আক্ৰান্ত হৈছে ৷

চীনৰ নাগৰিকৰ ই-ভিছা বাতিল

ভাৰতীয় দূতাবাসে জানিবলৈ দিয়া অনুসৰি, বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে অতি সোনকালে কাৰ্যকৰী হোৱাকৈ ই-ভিছা স্থগিত ৰাখিছে ৷ উল্লেখ্য যে, এই স্থগিতাকৰণ চীনৰ নাগৰিকৰ উপৰিও চীনত বাস কৰা অন্য দেশৰ লোকৰ বাবেও কাৰ্যকৰী হ'ব ৷ আনহাতে, যিসকলে ইতিমধ্যে ই-ভিছা লাভ কৰিছিল তেওঁলোকৰো ভিছা অবৈধ বুলি গণ্য কৰা হ'ব বুলি জানিবলৈ দিয়ে দূতাবাসে ৷ কিন্তু, যিসকল লোকে জৰুৰীকালীনভাৱে ভাৰত ভ্ৰমণ কৰিব লগা হয় তেওঁলোকে বেইজিংস্থিত ভাৰতীয় দূতাবাসত অথবা ছাংঘাইস্থিত বাণিজ্যিক দূতাবাসত যোগাযোগ কৰিব পাৰিব ৷ উল্লেখ্য যে, বৰ্তমানলৈকে ভাৰতে য়ুহানৰ পৰা 647 জন ভাৰতীয়ৰ লগতে 7 জন মালদ্বীপৰ নাগৰিকক বিশেষ বিমানেৰে ভাৰতলৈ ওভোটাই আনিছে ৷ এয়াৰ ইণ্ডিয়াৰ Jumbo B747 ৰ দুখন বিশেষ বিমানৰ জৰিয়তে এইসকল লোকক ভাৰতলৈ ওভোটাই অনা হয় ৷ শনিবাৰে 324 জন আৰু দেওবাৰে 323 জন ভাৰতীয় আৰু মালদ্বীপৰ নাগৰিকক ভাৰতলৈ অনা হয় ৷

কৰ'ণাভাইৰাছ সংক্ৰমণ হোৱাৰ ফলত বহুকেইখন দেশে চীনৰ নাগৰিকৰ ই-ভিছা স্থগিত ৰখাৰ লগতে চীনৰ ভ্ৰমণকাৰীক দেশসমূহত প্ৰৱেশত বাধা প্ৰদান কৰিছে ৷ এনেদৰে বাধা আৰোপ কৰা দেশসমূহ হৈছে - আমেৰিকা, ছিংগাপুৰ, ৰাছিয়া, ফিলিপাইনছ, বাংলাদেশ, শ্ৰীলংকা, মালয়েছিয়া, আফ্ৰিকান ৰাষ্ট্ৰ মোজাম্বিক আদি ৷ উল্লেখ্য যে, 2019 চনৰ ডিচেম্বৰৰ আৰম্ভণিতে য়ুহানৰ হুবেইত বনৰীয়া জন্তু বিক্ৰী কৰা এখন বজাৰৰ পৰা এই বেমাৰ বিয়পিছিল আৰু প্ৰায় 25 খন দেশত বৰ্তমান এই ৰোগ সংক্ৰমিত হৈছে ৷ ভাৰতৰ কেৰালাত বৰ্তমানলৈকে কৰ'ণাভাইৰাছৰ দুটা ঘটনা পোহৰলৈ আহিছে ৷ আনহাতে, চীনক বাদ দি অন্য দেশৰ ভিতৰত ফিলিপাইনছতে এই ভাইৰাছৰ ফলত প্ৰথমজন ৰোগীৰ মৃত্যু ঘটাৰ তথ্য লাভ কৰা হৈছে ৷

আৰু পঢ়ক : নশ বছৰৰ অন্তত এবাৰেই অহা আজিৰ বিশেষ দেওবাৰটো

ABOUT THE AUTHOR

...view details