অসম

assam

ETV Bharat / bharat

সীমান্তৰ বিবাদ নিস্পত্তিৰ বাবে চীনক নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান ভাৰতৰ - কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰণালয়

MEA মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে কয়, "পাংগং টিছু হ্ৰদৰ লগতে অন্যান্য অঞ্চলসমূহৰ পৰা বিবাদৰ নিস্পত্তিৰ বাবে চীনা পক্ষই ভাৰতৰ সৈতে নিষ্ঠাৰে সহযোগিতা আগবঢ়াব লাগে ৷"

সীমান্ত বিবাদ নিস্পত্তিৰ আহ্বান
চীনলৈ ভাৰতৰ আহ্বান

By

Published : Sep 17, 2020, 9:05 PM IST

নেশ্যনেল ডেস্ক, 17 ছেপ্তেম্বৰ : প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰণালয়ে (MEA) বৃহস্পতিবাৰে মন্তব্য কৰে যে, প্ৰতিটো অঞ্চলৰ পৰা সীমান্ত বিবাদৰ অন্ত পেলাবৰ বাবে চীনে ভাৰতৰ সৈতে সহযোগিতা কৰা উচিত ৷

MEA মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে কয়, "পাংগং টিছু হ্ৰদৰ লগতে অন্যান্য অঞ্চলসমূহৰ পৰা বিবাদৰ নিস্পত্তিৰ বাবে চীনা পক্ষই ভাৰতৰ সৈতে নিষ্ঠাৰে সহযোগিতা আগবঢ়াব লাগে ৷"

লোকসভাত বুধবাৰে বৈদেশিক মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী ভি. মুৰলিধৰণে চাৰি মাহযোৰা সীমান্তৰ বিবাদ সম্পৰ্কত কিছু আভাষ প্ৰদান কৰাৰ লগতে কয় যে, চীনা পক্ষই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা উলংঘন কৰাৰ বাবে চেষ্টা চলাইছিল ৷

মুৰলিধৰণে কয়, "এনে কাৰ্যৰ বিৰুদ্ধে আমি সঠিক প্ৰত্যুত্তৰ প্ৰদান কৰিছো ৷"

তেওঁ লগতে কয় যে, দুয়ো পক্ষৰ জ্যেষ্ঠ কমাণ্ডাৰসকলে 6 জুনত এক বৈঠকত মিলিত হ'বৰ বাবে সন্মতি প্ৰকাশ কৰিছিল ৷ ইয়াৰ পাচতে গ্ৰাউণ্ড কমাণ্ডাৰসকলে বহুকেইখন বৈঠকৰ আয়োজন কৰিছিল ৷

লগতে পঢ়ক: বিশ্বক উন্নতমানৰ স্থান হিচাপে গঢ়ি তুলিব ভাৰতে : জাভাৰেকাৰ

ABOUT THE AUTHOR

...view details