নিউজ ডেস্ক, 22 অক্টোবৰঃ বুধবাৰে ভাৰত-পাকিস্তানৰ মাজত মুকলি কৰা হ'ব বহু প্ৰতীক্ষিত কৰ্টাৰপুৰ কৰিডৰ ৷ দুয়োখন দেশৰ মাজত কৰ্টাৰপুৰ কৰিডৰ মুকলিৰ কেইঘন্টা মানৰ পূৰ্বে 550তম গুৰু নানক জয়ন্তীৰ লগত সংগতি ৰাখি মঙলবাৰে 90 গৰাকী বিদেশী ৰাষ্ট্ৰদূতক লৈ যোৱা হয় অমৃতসৰলৈ ৷ প্ৰাক্তন কুটনীতিবিদ তথা বৰ্তমানৰ কেন্দ্ৰীয় হৰদ্বীপ পুৰীৰ নেতৃত্বত আটাইকেইগৰাকী বিদেশী ৰাষ্ট্ৰদূতক লৈ যোৱা হয় অমৃতসৰলৈ ৷
কৰ্টাৰপুৰ কৰিডৰঃ 90 গৰাকী ৰাষ্ট্ৰদূতক অমৃতসৰলৈ প্ৰেৰণ - কেন্দ্ৰীয় হৰদ্বীপ পুৰী
23 অক্টোবৰত মুকলি কৰা হ'ব কৰ্টাৰপুৰ কৰিডৰ ৷ ভাৰত-পাকিস্তান দুয়োখন দেশে উদযাপন কৰিব 550তম গুৰু নানক জয়ন্তী ৷ কৰ্টাৰপুৰ কৰিডৰ মুকলিৰ পূৰ্বে মঙলবাৰে 90 গৰাকী বিদেশী ৰাষ্ট্ৰদূতক লৈ যোৱা হয় অমৃতসৰলৈ ৷
বিদেশী ৰাষ্ট্ৰদূত সকলৰ একাংশ
বুধবাৰে প্ৰথমে অমৃতসৰৰ স্বৰ্ণ মন্দিৰ দৰ্শন কৰিব বিদেশী ৰাষ্ট্ৰদূতৰ দলটোৱে ৷ গোটেই দিনটো অমৃতসৰত অতিবাহিত কৰি তাৰ পাচত দিল্লীলৈ উৰা মাৰিব বিদেশী ৰাষ্ট্ৰদূত গৰাকী ৷ উল্লেখ্য যে,কোনো পাকিস্তানী ৰাষ্ট্ৰদূতৰ নাম নাই 90 জনীয়া তালিকাত ৷ ভাৰত-পাকিস্তান দুয়োখনে দেশে উদযাপন কৰিব 550তম গুৰু নানক জয়ন্তী ৷