অসম

assam

ETV Bharat / bharat

নতুন বাণিজ্যিক দক্ষিণমুখী নীতিত গভীৰ সম্পৰ্ক ৰক্ষা কৰিব ভাৰত-টাইৱানে - নাৰায়ণন ৰৱিপ্ৰসাদ

নতুন দিল্লীত টাইৱানৰ সৈতে বাণিজ্যিক আলোচনাক লৈ দ্বীপ ৰাষ্ট্ৰৰ সৈতে গভীৰ সম্পৰ্ক ৰক্ষা কৰিব ভাৰতে ৷ টাইৱানৰ সৈতে বাণিজ্যিক সম্পৰ্ক আগুৱাই নিবলৈ ভাৰতে সমৰ্থন আগবঢ়াইছে,কিয়নো চীনৰ সৈতে দুয়োখন দেশৰ সম্পৰ্কত ব্যাঘাত জন্মিছে ৷ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অন্তৰ্গত চেণ্টাৰ ফৰ ইষ্ট এছিয়াৰ ষ্টাডিছৰ সহকাৰী অধ্যাপক নাৰায়ণন ৰৱিপ্ৰসাদে ইটিভি ভাৰতক এই কথা জানিবলৈ দিয়ে ৷

India-Taiwan trade to deepen in the realm of new Southbound policy
নতুন বাণিজ্যিক দক্ষিণমুখী নীতিত গভীৰ সম্পৰ্ক ৰক্ষা কৰিব ভাৰত-টাইৱানে

By

Published : Oct 21, 2020, 8:03 AM IST

নিউজ ডেস্ক,21 অক্টোবৰ : চীনৰ আধিপত্য কৌশল,টাইৱান আৰু ভাৰতৰ বাবে তাৎপৰ্যপূৰ্ণ সম্পৰ্কৰ ক্ষেত্ৰত নতুন দিল্লীত টাইৱানৰ সৈতে বাণিজ্যিক আলোচনাক লৈ দ্বীপ ৰাষ্ট্ৰৰ সৈতে গভীৰ সম্পৰ্ক ৰক্ষা কৰিব ভাৰতে ৷

প্ৰাপ্ত তথ্য মতে,বিগত বহু বছৰ ধৰি টাইৱানে ভাৰতৰ সৈতে বাণিজ্যিক সম্পৰ্ক ৰক্ষাৰ বাবে অনুৰোধ কৰিছিল ৷ কিন্তু বিশ্ব বাণিজ্য সংস্থাত চুক্তি হোৱাৰ পাচত ভাৰত-চীনৰ মাজত বেয়াকৈ আক্ৰমণ-প্ৰত্যাক্ৰমণ আৰম্ভ হোৱাৰ ভৱিষ্যতবাণীৰে ভাৰতে এই দিশত পিছুৱাই থাকে ৷

কিন্তু শেহতীয়া খবৰ অনুসৰি,টাইৱানৰ সৈতে বাণিজ্যিক সম্পৰ্ক আগুৱাই নিবলৈ ভাৰতে সমৰ্থন আগবঢ়াইছে,কিয়নো চীনৰ সৈতে দুয়োখন দেশৰ সম্পৰ্কত ব্যাঘাত জন্মিছে ৷

বিশ্লেষকে সদৰি কৰে যে,ভাৰত-টাইৱানৰ মাজৰ সম্পৰ্ক গভীৰতালৈ নিয়াৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ’ব,কিয়নো টাইৱানত বিনিয়োগৰ উৎসৰ বাবে টাইৱানৰ এক দশক পাচত টাইৱানে ভাৰতক আবেদন কৰিছিল ৷

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অন্তৰ্গত চেণ্টাৰ ফৰ ইষ্ট এছিয়াৰ ষ্টাডিছৰ সহকাৰী অধ্যাপক নাৰায়ণন ৰৱিপ্ৰসাদে ইটিভি ভাৰতক জনায় যে,‘‘ভাৰতৰ উত্তৰসূৰীৰ চুবুৰীয়া হোৱা হেতুকে ভাৰতে টাইৱানৰ আবেদন গ্ৰহণ কৰাত সাৱধানতা অৱলম্বন কৰিছিল ৷ ভাৰত ‘1962 ফোবিয়া’ত ভুগি আছে আৰু 1962ত হোৱা ভাৰত-চীন যুদ্ধৰ পাচত ভাৰত এতিয়াও লোকচানৰ সন্মুখীন হৈ আছে ৷ চীনে ভাৰতৰ অন্তৰংগ কিছুমান কৌশলৰ বিষয়ে অৱগত হৈছে ৷ গতিকে টাইৱানক আমন্ত্ৰণ জনাবলৈ ভাৰতে চিন্তা কৰিবলগীয়া হৈছিল’’ ৷

কিন্তু গালৱান ভেলীত হোৱা সীমা বিবাদৰ পাচত টাইৱানৰ সৈতে সম্পৰ্ক ৰখাত আগবাঢ়িছে ভাৰত চৰকাৰ ৷ ‘Go South Policy’ত টাইৱানে সিদ্ধান্ত লয় যে,তেওঁলোকে কেৱল সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰতে নহয় চীনৰ ওপৰতো নজৰ ৰাখিব টাইৱানে ৷ ইটিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত সহকাৰী অধ্যাপক নাৰায়ণন ৰৱিপ্ৰসাদে এইদৰে মন্তব্য কৰে ৷

সম্প্ৰতি টাইৱানে ইচ্ছানুযায়ী লাহে লাহে নিজৰ ব্যৱসায় চীনৰ পৰা এছিয়াৰ অন্য ৰাষ্ট্ৰসমূহলৈ স্থানান্তৰিত কৰাৰ দিশত আগবাঢ়িছে ৷ টাইৱানে ভাৰতৰ দক্ষিণ দিশত যেনে- অন্ধ্ৰ প্ৰদেশ,তেলেংগানা,কৰ্ণাটক আৰু তামিলনাডুত আগবঢ়াৰ ইচ্ছা প্ৰকাশ কৰিছে ৷

ৰৱিপ্ৰসাদে সদৰি কৰা মতে,এই ক্ষেত্ৰত ভাৰতে টাইৱানক সমৰ্থন কৰা উচিত ৷ কিয়নো টাইৱান পেট্ৰ’-কেমিকেল, চেমিকণ্ডাক্টৰ,টেলিভিশ্বন,কম্পিউটাৰ আদি নিৰ্মাণত অগ্ৰণী ভুমিকা পালন কৰে ৷

লগতে পঢ়ক :2020 বৰ্ষত আমেৰিকা,চীনলৈ বৃদ্ধি পাইছে ভাৰতৰ ৰপ্তানিৰ পৰিমাণ

ABOUT THE AUTHOR

...view details