নেশ্যনেল ডেস্ক, 1 নৱেম্বৰ : ভাৰতত ক্ৰমাগতভাৱে হ্ৰাস পাইছে সক্ৰিয় কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে উল্লেখ কৰা অনুসৰি, প্ৰায় তিনি মাহৰ তিনি মাহত পাচত সক্ৰিয় আক্ৰান্ত লোকৰ সংখ্যা 6 লাখতকৈয়ো অধিক হ্ৰাস পাইছে ৷ বৰ্তমান ভাৰতত মুঠ সক্ৰিয় কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা 5,70,458 গৰাকীলৈ হ্ৰাস পাইছে ৷
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে, সম্প্ৰতি দেশত থকা সক্ৰিয় ৰোগীৰ সংখ্যা মুঠ আক্ৰান্তৰ কেৱল 6.97 শতাংশলৈ হ্ৰাস পাইছে ৷ ভিন্ন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে কৰ'ণা মহামাৰীৰ বিৰোধী যুঁজখনত ক্ৰমান্বয়ে প্ৰগতি লাভ কৰিছে ৷ কৰ্ণাটকত বিগত 24 ঘণ্টাত আক্ৰান্তৰ লোক সংখ্যাত ব্যাপক হাৰত বিৰাম লাগিছে ৷ সক্ৰিয় ৰোগীৰ ধাৰাবাহিক হ্ৰাসৰ লগতে, ভাৰতত প্ৰতি মিলিয়ন আক্ৰান্তৰ সংখ্যাও পৃথিৱীৰ ভিতৰতে আটাইতকৈ কম ৷