নিউজ ডেস্ক, ৬ জুলাইঃ সমগ্ৰ বিশ্বৰ ভিতৰতে ৰুছক পিছ পেলাই কৰ'ণা আক্ৰান্তৰ ক্ষেত্ৰত তৃতীয় শীৰ্ষস্থানত ভাৰত । দেওবাৰে ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্যাই ৬.৯০ লাখ অতিক্ৰম কৰাৰ পাচতে বিশ্বৰ ভিতৰতে তৃতীয় সৰ্বাধিক কৰ'ণা ক্ষতিগ্ৰস্ত দেশ হিচাপে পৰিগণিত হৈছে । আনহাতে,সমগ্ৰ বিশ্বৰ ভিতৰত কৰ'ণা আক্ৰান্ত তথা কৰ'ণাৰ দ্বাৰা ক্ষতিগ্ৰস্ত দেশ হিচাপে প্ৰথম স্থানত আছে শক্তিশালী দেশ আমেৰিকা আৰু দ্বিতীয় স্থানত আছে ব্ৰাজিল ।
Worldometer ৰ তথ্য অনুসৰি, দেওবাৰ পৰ্যন্ত আমেৰিকাত কৰ'ণা আক্ৰান্তৰ সংখ্যা ২৯,৫৪,৯৯৯ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে ব্ৰাজিলত বৃদ্ধি হয় ১৫,৭৮,৩৭৬ গৰাকী । আনহাতে,পূৰ্বে তৃতীয় স্থানত থকা ৰুছত কৰ'ণা আক্ৰান্তৰ সংখ্যা হৈছে ৬,৮১,২৫১ গৰাকী । পিটিআইৰ তথ্য অনুসৰি ভাৰতত বৰ্তমান পৰ্যন্ত কৰ'ণা আক্ৰান্ত সংখ্যা হৈছে ৬,৯০,৩৪৯ গৰাকী । তাৰোপৰি ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৯,৬৮৩ গৰাকী ।