নেশ্যনেল ডেস্ক, 25 নৱেম্বৰঃ ৰাষ্ট্ৰসংঘৰ মজিয়াত নতুন দিল্লীৰ বিৰুদ্ধে মিছা তথ্য প্ৰদৰ্শনক লৈ ইছলামাবাদক সমালোচনা ভাৰতৰ ৷ ভাৰতে কয়, নথি-পত্ৰসমূহ নিজৰ পছন্দ অনুসৰি গঢ় দিয়া আৰু মিছা তথ্য প্ৰচাৰ কৰাটো পাকিস্তানৰ বাবে নতুন বিষয় নহয়, যিয়ে ৰাষ্ট্ৰ সংঘৰ অন্তৰ্ভূক্ত প্ৰদেশসমূহৰ ভিতৰত সৰ্বাধিক সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়ে ৷
উল্লেখ্য যে,নতুন দিল্লীয়ে ৰাষ্ট্ৰ সংঘৰ সুৰক্ষা পৰিষদৰ সদস্যৰ ওচৰত বিগত কেইটামান সপ্তাহত জম্মু-কাশ্মীৰত পাকিস্তনী সন্ত্ৰাসবাদী সংগঠন জৈছ-এ-মহম্মদৰ চাৰিজনকৈ সদস্যই আক্ৰমণৰ চেষ্টা চলোৱা সম্পৰ্কে কিছু দলিল দাখিল কৰাৰ এদিন পিছতেই পাকিস্তানে ৰাষ্ট্ৰসংঘৰ সুৰক্ষা সচিব এন্টনিঅ’ গুটেৰাছক ভাৰতে পাকিস্তানৰ বুকুত সন্ত্ৰাসবাদক ইন্ধন জগোৱা বুলি অভিযোগ উত্থাপন কৰি এক দলিল দাখিল কৰে ৷