অসম

assam

ভাৰত-বাংলাদেশৰ মাজত সম্পন্ন ৰন্ধন গেছ আমদানিৰ চুক্তি

By

Published : Oct 5, 2019, 7:14 PM IST

শনিবাৰে বাংলাদেশৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰিবলৈ ভাৰতে সম্পন্ন কৰে তিনিখনকৈ চুক্তি ৷ ভাৰত ভ্ৰমণৰত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ উপস্থিতিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্পন্ন কৰে চুক্তিসমূহ ৷ শনিবাৰে সম্পাদিত হোৱা চুক্তিসমূহৰ ভিতৰত অন্যতম আছিল ৰন্ধন গেছৰ আমদানি ৷

ৰন্ধন গেছ আমদানিৰ চুক্তি সম্পাদন ভাৰত-বাংলাদেশৰ

নিউজ ডেস্ক, 5 অক্টোবৰঃভাৰতে শনিবাৰে চুবুৰীয়া বাংলাদেশৰ সৈতে সম্পন্ন কৰে তিনিখনকৈ দ্বিপাক্ষিক চুক্তি ৷ ভাৰত ভ্ৰমণৰত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্পন্ন কৰে আটাইকেইখন চুক্তি ৷ দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰিবলৈ চুক্তিসমূহ সম্পন্ন কৰা হয় ৷

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে নতুন দিল্লীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্পন্ন কৰে দ্বিপাক্ষিক চুক্তিসমূহ ৷ চুক্তিসমূহৰ ভিতৰত অন্যতম আছিল ৰন্ধন গেছৰ আমদানি ৷ দুয়োখন দেশৰ মাজত সম্পাদিত চুক্তি অনুসৰি ইণ্ডিয়ান অইল কৰ্পৰেশ্বনকে ধৰি অমেৰা পেট্ৰ'লিয়াম আৰু বেক্সিমকো এলপিজেয়ে বাংলাদেশৰ পৰা সংগ্ৰহ কৰা ইন্ধন ভাৰতক প্ৰদান কৰিব ৷

ইয়াৰ উপৰিও বাংলাদেশ-ভাৰত প্ৰফেশ্বনেল স্কিল ডেভেলপমেন্ট ইনষ্টিটিউট স্থাপনাৰ সন্দৰ্ভত চুক্তি সম্পাদন কৰে দুয়োখন দেশে ৷ এই চুক্তিৰ অধীনত দুয়োখন দেশৰ বহুসংখ্যক ছাত্ৰ আৰু গৱেষকে লাভৱান হ'ব পাৰিব ৷ লগতে বাংলাদেশৰ ৰাজধানীত থকা ৰামাকৃষ্ণ মিছনৰ কাৰ্যালয়ত ভাৰতে স্থাপন কৰিব এটি বিবেকানন্দ ভৱন ৷ ইয়াৰ ফলত দুয়োখন দেশৰে আৰ্থ-সামাজিক-সাংস্কৃতিক উন্নয়ন সম্ভৱ হ'ব বুলি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷

ABOUT THE AUTHOR

...view details