অসম

assam

ETV Bharat / bharat

কুৰিশ্বু বান্ধ সম্পৰ্কত ইটিভি ভাৰতৰ আগত ডঃ সমুজ্জ্বল ভট্টাচাৰ্য - AASU

ভূটানৰ কুৰিশ্বু বান্ধৰ বৰ্ধিত পানীয়ে নামনি অসম ডুবাই পোলোৱাৰ সময়তে এইক্ষেত্ৰত ভাৰত চৰকাৰৰ হস্তক্ষেপ দাবী কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্যই ৷

ডঃ সমুজ্জ্বল ভট্টাচাৰ্য

By

Published : Jul 25, 2019, 7:39 PM IST

নিউজ ডেস্ক, 25 জুলাইঃ ব্ৰহ্মপুত্ৰ বৰ্ধিত পানীৰ ফলত ৰাজ্যবাসীয়ে সন্মুখীন হোৱা ভয়াৱহ বান সমস্যাৰ সময়তে ভুুতৰক ওপৰত দানহ পৰা দি ভূটানৰ কুৰিশ্বু বান্ধৰ পানীয়ে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে নামনি অসমত ৷ বৰপেটা, কোকৰাঝাৰ, বঙাইগাঁৱ, বাক্সা, চিৰাঙকে ধৰি ভূটানৰ পানীয়ে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল ৷ এনে সময়তে ভূটান চৰকাৰৰ এই অবিবেচক সিদ্ধান্তৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ৷ সন্থাৰ হৈ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই ইটিভি ভাৰতৰ আগত ব্যক্ত কৰে এই কথা ৷ ভাৰত চৰকাৰ আৰু অসম চৰকাৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই এইদৰে অসমৰ ৰাইজে শাস্তিৰ সন্মুখীন হৈ আহিছে বুলি কয় উপদেষ্টাগৰাকীয়ে ৷ এইক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক শীঘ্ৰেই অসম ভ্ৰমণ কৰিবলৈ কয় ডঃ ভট্টাচাৰ্যই ৷

কুৰিস্বু বান্ধ সম্পৰ্কত ইটিভি ভাৰতৰ আগত ডঃ সমুজ্জ্বল ভট্টাচাৰ্য

ABOUT THE AUTHOR

...view details