নেশ্যনেল ডেস্ক, 18 জুন : গলৱান উপত্যকাত ভাৰত-চীন সংঘৰ্ষৰত দেশে 20 গৰাকীকৈ বীৰ সৈন্যক হেৰুওৱাৰ ফলত এতিয়াও শোকস্তব্ধ হৈ আছে সমগ্ৰ দেশবাসী ৷ ছয়ঘন্টা জোৰা এই সংঘৰ্ষৰ ফলত ভাৰতীয় জোৱানক হেৰুওৱাৰ পাচত মৰ্মাহত হোৱাৰ লগতে খৰ্গহস্ত হৈ পৰিছে সমগ্ৰ ভাৰতবাসী তথা অৱসৰপ্ৰাপ্ত সৈনিকসকল ৷
চীনৰ বিৰুদ্ধে অসামৰিক বিকল্পৰ উদ্ভাৱন কৰা উচিত ভাৰতে ভাৰতীয় সেনা আৰু চীনৰ পিপলছ লিবাৰেছন আৰ্মীৰ সৈন্যৰ মাজত সংঘটিত হোৱা এই সংঘৰ্ষৰ পাচতে ভাৰতবাসীৰ খং তুংগত উঠা পৰিলক্ষিত হৈছে ৷ অৱসৰপ্ৰাপ্ত সৈনিকসকলেও মন্তব্য কৰিছে যে,ভাৰতেও চীনৰ বিৰুদ্ধে প্ৰতিশোধ লোৱা উচিত ৷ ভাৰতীয় পক্ষৰ দৰেই একে ক্ষতি চীনা পক্ষৰো হোৱাটো এই সৈনিকসকলে দাবী কৰিছে ৷
অৱসৰপ্ৰাপ্ত জেনেৰেলসকল আৰু চীনা বিৰোধী মনোবৃত্তি প্ৰকাশ কৰা ভাৰতীয়ই চৰকাৰলৈ প্ৰতিশোধ ল'বৰ বাবে চাপ প্ৰয়োগ কৰিব পাৰে ৷ ইয়াৰ জৰীয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চুবুৰীয়া ৰাষ্ট্ৰ চীনক উচিত প্ৰত্যাহ্বান জনাব পাৰিব ৷
ভাৰতে 1962 চনৰ পাচত দ্বিতীয়বাৰৰ বাবে চীন-ভাৰত যুদ্ধত অৱতীৰ্ণ হ'ব লাগিব ৷ কিন্তু ভাৰতৰ কিছুসংখ্যক লোকে মন্তব্য কৰিছিল যে,1962 চনৰ সেই যুদ্ধত ভাৰত চীনৰ বিৰুদ্ধে পৰাস্ত হৈছিল ৷
15 জুনৰ সংঘৰ্ষৰ পাচত চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ আৰুWestern Theatre Commandৰ মুখপাত্ৰৰ মন্তব্যৰ পৰা এয়া জানিব পৰা হৈছে যে, বেইজিঙে দম্ভালি প্ৰদৰ্শন কৰাৰ লগতে ইয়াৰ দক্ষিণ এছিয়াৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ মাজত শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছে ৷
কিন্তু চীনা কমিউনিষ্ট পাৰ্টী আৰু ইয়াৰ সেনা বাহিনীয়ে এই কথা বুজি উঠা উচিত যে, 2020 চন 1962 ৰ দৰে হৈ থকা নাই ৷ ইয়াৰোপৰি,যোৱা 60 বছৰত ভাৰতীয় সেনাৰ অস্ত্ৰ-শস্ত্ৰত ব্যাপক আধুনিকীকৰণ কৰা হৈছে ৷ তিব্বতীয় উচ্চতাৰ বাবে যুদ্ধ বিমান উৰণৰ ক্ষেত্ৰত চীনতকৈ ভাৰতৰ অগ্ৰাধিকাৰ আছে ৷ আনহাতে, ভাৰতৰ হাতত আছে আধুনিক ছুখই আৰু ৰাফেল যুদ্ধ বিমান ৷
উৰণৰ মাজভাগতে ক্ষমতা বৃদ্ধি কৰিব পৰা চীনৰ জেট থাকিলেও বিভিন্ন ক্ষেত্ৰত ভৌগোলিক অৱস্থানৰ বাবে দেশখন ভাৰততকৈ পিছপৰি ৰৈছে ৷ 1962 চনত ভাৰতে চীনৰ বিৰুদ্ধে বায়ুসেনাৰ ব্যৱহাৰ কৰাত সফল হোৱা নাছিল কিন্তু তাৰ বিপৰীত ৰূপ দেখাৰ সম্ভাৱনা আছে 2020 চনত ৷ এই সকলোবোৰ সুবিধা ভাৰতৰ পক্ষে থকাৰ পাচতো ভাৰতে অসামৰিক বিকল্প বাছি উলিওৱা উচিত ৷ স্বদেশী জাগৰণ মঞ্চ আৰু কনফেডাৰেছন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ দৰে ৰাষ্ট্ৰীয় ব্যৱসায়িক সংস্থাই চীনা সামগ্ৰী বৰ্জন কৰা সম্পৰ্কত সকলোকে পৰামৰ্শ আগবঢ়াইছে ৷
ভাৰতীয় বজাৰলৈ চীনা সামগ্ৰীৰ প্ৰৱেশ বন্ধ কৰি দি নৰেন্দ্ৰ মোডী চৰকাৰে এই ক্ষেত্ৰত প্ৰথমটো প্ৰতিশোধ ল'ব পাৰে ৷ ভাৰতত 18 বিলিয়ন আমেৰিকান ডলাৰৰ বজাৰ দখল কৰি আছে চীনে ৷ ইয়াৰোপৰি, ভাৰতে চীনৰ দ্বাৰা নিয়ন্ত্ৰিত যিকোনো কোম্পানীক ভাৰতৰ পৰা অপাৰেট কৰাত বাধা প্ৰদান কৰা উচিত ৷ বিশেষকৈ তথ্য আৰু সম্প্ৰচাৰ ছেক্টৰ আৰু অন্যান্য ষ্ট্ৰেটেজিক ছেক্টৰত এই বাধা আৰোপ কৰা উচিত ৷
চীনে নেপালৰ শক্তিখণ্ডত 4 বিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগ কৰিছে আৰু আচৰিতভাৱে ভাৰতে চীনৰ পৰা শক্তি ক্ৰয় কৰিছে ৷ ইয়াৰ জৰিয়তে ভাৰতে পৰোক্ষভাৱে চীনৰ শ্ৰীবৃদ্ধিতহে সহায় কৰিছে ৷ ভাৰতে নেপালৰ পৰা শক্তি ক্ৰয় কৰা বন্ধ কৰিলেই চীনা বিনিয়োগত বাধা আৰোপ কৰিব পাৰিব ৷ চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰৰ (CPEC) আঁচনিত বিনিয়োগ কৰা চীনৰ আন্তঃগাঁথনি কোম্পানীসমূহত ভাৰতে প্ৰতিবন্ধকতা আৰোপ কৰা উচিত ৷ ইয়াৰোপৰি, দিল্লী-মিৰাট ৰেপিড ট্ৰানজিট চিষ্টেম প্ৰজেক্টৰ স্থাপনৰ দায়িত্ব চীনৰ এক ফাৰ্মক দিয়া বুলি চ'ছিয়েল মিডিয়াত চৰ্চিত হৈ আহিছে ৷ এই সম্পৰ্কত চৰকাৰে এক স্পষ্টীকৰণ দিয়া অতি প্ৰয়োজনীয় হৈ পৰিছে যে ইয়াৰ দায়িত্ব বৰ্তমানেও কোনো নিৰ্দিষ্ট সংস্থাক প্ৰদান কৰাৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই ৷
আৰু পঢ়ক : উৰুখা পঁজাত জীৱন সংগ্ৰাম শংকৰী সংস্কৃতিৰ সাধকৰ