অসম

assam

ETV Bharat / bharat

ভাৰতীয় বন্দীৰ মুক্তিৰ বাবে পাকিস্তানলৈ জাননী ভাৰতৰ

শাস্তিৰ ম্যাদ সম্পূৰ্ণ কৰাৰ পাচতো দীৰ্ঘদিন ধৰি পাকিস্তানত আৱদ্ধ হৈ থকা ভাৰতীয়ক মুকলি কৰি নিদিয়াৰ বাবে পাকিস্তানক গৰিহণা প্ৰদান কৰে ভাৰতে ৷

By

Published : Apr 3, 2019, 12:16 PM IST

etv bharat

নিউজ ডেস্ক, 3 এপ্ৰিলঃ পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকা 10 গৰাকী ভাৰতীয়ক শীঘ্ৰে মুকলি কৰি দিয়াৰ বাবে পাকিস্তানলৈ জাননী প্ৰেৰণ ভাৰতৰ ৷ ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে পাকিস্তানী উচ্চায়ুক্তলৈ প্ৰেৰণ কৰে এই জাননী ৷

শাস্তিৰ ম্যাদ সম্পূৰ্ণ কৰাৰ পাচতো দীৰ্ঘদিন ধৰি পাকিস্তানত আৱদ্ধ হৈ থকা ভাৰতীয়ক মুকলি কৰি নিদিয়াৰ বাবে পাকিস্তানক গৰিহণাপ্ৰদান কৰে ভাৰতে ৷ ভাৰতে মুকলি কৰি দিবলৈ পাকিস্তানক আহ্বান জনোৱা লোকসমূহৰ ভিতৰত আছে প্ৰাক্তন নৌসেনা বিষয়া কুলভূষণ যাদৱৰ নামো ৷ গুপ্তচৰৰ অভিযোগত পাকিস্তান আদালতে 2016 চনত কুলভূষণ যাদৱক প্ৰদান কৰিছিল মৃত্যুদণ্ডৰ শাস্তি ৷ বৰ্তমানেও আন্তঃৰাষ্ট্ৰীয় ন্যায়িক আদালতত স্থগিত হৈ আছে কুলভূষণ যাদৱৰ গোচৰ ৷

ABOUT THE AUTHOR

...view details