অসম

assam

ETV Bharat / bharat

বিপদজনক দূৰত্বত অৱস্থান কৰিছে ভাৰত আৰু ৰাছিয়াৰ উপগ্ৰহে

বিপদজনক দূৰত্বত অৱস্থান ভাৰত আৰু ৰাছিয়াৰ দুটা উপগ্ৰহই ৷ বিপদজনকভাৱে কাষ চাপিছে ভাৰতৰ CARTOSAT-2F আৰু ৰাছিয়াৰ Kanopus-V নামৰ উপগ্ৰহ দুটা ৷ সমগ্ৰ ঘটনাক সূক্ষ্মভাৱে নিৰীক্ষণ ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান (ইছৰ’) আৰু ৰাছিয়াৰ মহাকাশ সংস্থা ‘ROSCOSMOS’ ৰ ৷

By

Published : Nov 28, 2020, 12:50 PM IST

Updated : Nov 28, 2020, 1:54 PM IST

বিপদজনক দূৰত্বত অৱস্থান কৰিছে ভাৰত আৰু ৰাছিয়াৰ উপগ্ৰহে
বিপদজনক দূৰত্বত অৱস্থান কৰিছে ভাৰত আৰু ৰাছিয়াৰ উপগ্ৰহে

বাংগালুৰু, 28 নৱেম্বৰ:পৃথিৱীৰ কক্ষপথৰ নিচেই কাষতে ক্ৰমাৎ ওচৰ চাপিছে ভাৰত আৰু ৰাছিয়াৰ দুই উপগ্ৰহ ৷ ভাৰতৰ CARTOSAT-2F আৰু ৰাছিয়াৰ Kanopus-V নামৰ এই দুটা উপগ্ৰহ অতি বিপদজনকভাৱে কাষ চাপিছে বুলি জানিব পৰা গৈছে ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান (ইছৰ’) আৰু ৰাছিয়াৰ মহাকাশ সংস্থা ‘ROSCOSMOS’ য়ে খুউব সূক্ষ্মভাৱে সমগ্ৰ ঘটনা নিৰীক্ষণ কৰি আছে ৷

ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান (ইছৰ’) ৰ সূত্ৰই ইটিভি ভাৰতক জানিবলৈ দিয়া মতে বিগত চাৰি দিনৰ পৰা ইছৰ'ই সমগ্ৰ প্ৰক্ৰিয়া লক্ষ্য কৰি আছে ৷ ইছৰ'ই লগতে এই কথাও জানিবলৈ দিয়ে যে যদিহে ৰাছিয়ান উপগ্ৰহটো 150 মিটাৰতকৈ বেছি কাষলৈ আহে তেতিয়া ইছৰ'ই সাৱধানেৰে সকলো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব ৷ ইছৰ'ৰ মতে CARTOSAT-2Fৰ পৰা Kanopus-V এতিয়াও 420 মিটাৰ দূৰতে অৱস্থান কৰি আছে ৷

CARTOSAT-2F এতিয়াও কাৰ্যক্ষম হৈ আছে ৷ 2018 চনৰ 12 জানুৱাৰীত শ্ৰীহৰিকোটাৰ পৰা ইয়াক উৎক্ষেপণ কৰা হৈছিল ৷

লগতে পঢ়ক:বিদ্যাৰ্থী অভিভাৱকৰ সৈতে আলোচনাত মিলিত হ'ব কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী

Last Updated : Nov 28, 2020, 1:54 PM IST

ABOUT THE AUTHOR

...view details