নেশ্যনেল ডেস্ক, 3 মে' : কেন্দ্ৰীয় স্বাস্থ্য় আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড0 হৰ্ষ বৰ্ধনে দেওবাৰে কয় যে, যোৱা 24 ঘন্টাত 682 গৰাকী কৰ'ণা ভাইৰাছ আক্ৰান্ত আৰোগ্য হৈ উঠিছে ৷ ইয়াৰ ফলত দেশখনত আৰোগ্যৰ হাৰ 26.59 শতাংশলৈ বৃদ্ধি পাইছে ৷
"ভাৰতত বৰ্তমানলৈকে আক্ৰান্তৰ সংখ্যা 39,980 জন ৷ যোৱা 24 ঘন্টাত ভাৰতত 2,644 লোক আক্ৰান্ত হৈছে" - হাৰ্ডিংগে মেডিকেল কলেজৰ Covid-19 পৰিচালনাৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কত পৰ্যালোচনা কৰি এই মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰোপৰি, 17 মে'লৈ সকলোকে লকডাউন মানি চলিবলৈ আহ্বান জনোৱাৰ লগতে ইয়াৰ ফলত Covid-19 ৰ সংক্ৰমণ ৰোধ হ'ব বুলি মন্তব্য কৰে বৰ্ধনে ৷
তেওঁ কয়, "যোৱা কিছুদিনত মই AIIMS, LNJP, RML,ছফডৰজং, ৰাজীৱ গান্ধী ছুপাৰ স্পেছিয়েলিটি আৰু আজি LHMC পৰিদৰ্শন কৰিছো ৷ এই হাস্পতালসমূহত গ্ৰহণ কৰা ব্যৱস্থাক লৈ মই সন্তুষ্ট ৷"