নেশ্যনেল ডেস্ক, 4 জুলাই : ভাৰতত এদিনীয়া সৰ্বাধিক কোভিড-19ত আক্ৰান্তৰ সংখ্যা শনিবাৰে 22,771 গৰাকীলৈ বৃদ্ধি পোৱাৰ লগে লগে দেশখনত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা 6,48,315 গৰাকীলৈ বৃদ্ধি পায় ৷ জন হপকিনছ বিশ্ববিদ্যালয়ে সদৰী কৰা মতে, আমেৰিকা, ব্ৰাজিল আৰু ৰাছিয়াৰ পিছত বিশ্বৰ আটাইতকৈ বেছি কোভিড-19ত আক্ৰান্ত দেশৰ ভিতৰত ভাৰত শোচনীয়ভাৱে চতুৰ্থ স্থানলৈ অনুধাৱন কৰিছে ৷
উল্লেখ্য যে, মুঠ 2,794,321 টা কোভিড-19 ঘটনাৰ সৈতে আমেৰিকা বিশ্বৰ ভিতৰত প্ৰথম স্থানত, 1,539,081 গৰাকী আক্ৰান্তৰ সৈতে ব্ৰাজিল দ্বিতীয় স্থানত আৰু আক্ৰান্তৰ সংখ্যা 666,941 গৰাকীৰ সৈতে ৰাছিয়া তৃতীয় স্থানত বৰ্তি আছে ৷ ইয়াৰ লগতে, 295,599 টা ঘটনাৰ সৈতে ইংলেণ্ড পঞ্চম স্থানত আছে ৷ জন হপকিনছ বিশ্ববিদ্যালয়ৰ গৱেষকে জনোৱা মতে, ভাৰতত শনিবাৰৰ লেখীয়াকৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে আগন্তুক কিছুদিনলৈ ৰাছিয়াৰ স্থানো অতিক্ৰম কৰিব ৷
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে কয় যে, বিগত 24 ঘণ্টাৰ ভিতৰত ভাৰতত 442 গৰাকী লোকৰ মৃত্যু হৈছে আৰু ইয়াৰ লগে লগে ভাৰতত কোভিড-19ত আক্ৰান্তৰ মৃত্যু সংখ্যা 18,665 গৰাকীলৈ বৃদ্ধি পায় ৷ উল্লেখ্য যে, ভাৰতৰ এয়া দ্বিতীয়টো দিন, য’ত এদিনতে কোভিড-19ত আক্ৰান্তৰ সংখ্যা 20,000 গৰাকীৰো অধিকলৈ বৃদ্ধি পাইছে ৷