নেশ্যনেল ডেস্ক, ১৭ নৱেম্বৰ: কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে, মঙলবাৰে সংক্ৰমণৰ সংখ্যা বিগত ৪ মাহৰ ভিতৰত ৩০,০০০তকৈ হ্ৰাস পাইছে। ভাৰতত আক্ৰান্তৰ সংখ্যা ৮৮.৭৪ লাখ হৈছেগৈ। যোৱা ১৫ জুলাইত COVID-১৯ত আক্ৰান্তৰ সংখ্যা ৩০,০০০তকৈ কম হোৱাৰ তথ্য পোহৰলৈ আহিছিল। এটা দিনত ২৯,১৬৩ জন আক্ৰান্তসহ বৰ্তমান আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৮৮,৭৪,২৯০ জন। মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা ৪৪৯ জন লোকসহ এতিয়ালৈকে ১,৩০,৫১৯ গৰাকী লোক মৃত্যুমুখত পৰিছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে মঙলবাৰে পুৱা ৮ বজালৈকে প্ৰকাশ কৰা তথ্য মতে, ধাৰবাহিকভাৱে সপ্তম দিনাও সক্ৰিয় ঘটনা ৫ লাখতকৈ হ্ৰাস পোৱাৰ লগতে এতিয়ালৈকে ৮২,৯০,৩৭০ জন লোক সুস্থ হৈ উঠিছে। দেশত মহামাৰীৰ সংক্ৰমণৰ সক্ৰিয় ঘটনা বৰ্তমান ৪,৫৩,৪০১টা আৰু ই মুঠ আক্ৰান্তৰ ৫.১১ শতাংশ। আনহাতে মুঠ আৰোগ্যৰ হাৰ ৯৩.৪২ শতাংশ আৰু মৃত্যুৰ হাৰ ১.৪৭ শতাংশ।
ভাৰতত COVID-১৯ মহামাৰীৰ সংক্ৰমণে যোৱা ৭ আগষ্টত ২০ লাখ অতিক্ৰম কৰে। মহামাৰীৰ সংক্ৰমণে ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ, ১৬ ছেপ্টম্বৰত ৫০ লাখ, ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ আৰু ২৯ অক্টোবৰত ৮০ লাখ অতিক্ৰম কৰে। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ মতে, সোমবাৰে পৰীক্ষা কৰা ৮,৪৪,৩৮২ জনৰ নমুনাসহ ১৬ নৱেম্বৰলৈকে মুঠ ১২,৬৫,৪২,৯০৭ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে।
মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা ৪৪৯ লোকৰ ভিতৰত আছে দিল্লীৰ ৯৯, মহাৰাষ্ট্ৰৰ ৬০, পশ্চিমবংগৰ ৫৩, ছট্টিশগড়ৰ ২৬, পঞ্জাৱৰ ২২ আৰু উত্তৰ প্ৰদেশৰ ২১ জন লোক। এতিয়ালৈকে মহাৰাষ্ট্ৰত ৪৬,০৩৪, কৰ্ণাটকত ১১,৫৪১, তামিলনাডুত ১১,৪৯৫, পশ্চিমবংগত ৭,৭১৪, দিল্লীত ৭,৭১৩, উত্তৰ প্ৰদেশত ৭,৩৯৩, অন্ধ্ৰ প্ৰদেশত ৬,৮৮১, পঞ্জাৱত ৪,৪৮০ আৰু গুজৰাটত ৩,৮০৮ জনৰ মৃত্যু হৈছে। সমগ্ৰ দেশত মুঠ ১,৩০,৫১৯ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। স্বাস্থ্য মন্ত্ৰালয়ে নিজৰ ৱেবছাইটত প্ৰকাশ কৰিছে যে, তেওঁলোকৰ তথ্যসমূহ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ সৈতে পুনৰ পৰ্যালোচনা কৰা হ'ব।
লগতে পঢ়ক:নিতীশ কুমাৰৰ ভাগ্যৰ সৈতে সংখ্যা 7ৰ সম্পৰ্ক