অসম

assam

ETV Bharat / bharat

ভাৰতত ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 48 লাখৰ ঘৰ ৷ - ব্ৰাজিল

ভাৰতত ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 48 লাখৰ ঘৰ ৷ বিগত 24 ঘন্টাত 92,071 গৰাকীকৈ লোক নতুনকৈ আক্ৰান্ত হোৱাৰ পৰিৱৰ্তে 1,136 গৰাকী লোকে মৃত্যুক সাৱটি লৈছে ৷ 9,86,598 গৰাকী সক্ৰিয় ৰোগী,79,722 মৃতকৰ লগতে আৰোগ্য লাভ কৰা 37,80,108 ক লৈ বৰ্তমানলৈ ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যা 48,46,428 গৰাকী ৷

ভাৰতত কভিড-19 ত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 48 লাখৰ ঘৰ
ভাৰতত কভিড-19 ত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 48 লাখৰ ঘৰ

By

Published : Sep 14, 2020, 3:28 PM IST

নেশ্যনেল ডেস্ক, 14চেপ্তেম্বৰ: ব্যাপক হাৰত বাঢ়িছে ভাৰতত ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷ বিগত 24 ঘন্টাত 1,136 গৰাকীকৈ লোকৰ মৃত্যুৰ লগতে 92,071 গৰাকী লোক নতুনকৈ এই ভাইৰাছত আক্ৰান্ত হৈছে ৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সোমবাৰৰ তথ্য অনুসৰি ভাৰতত ক'ভিড-19 ত মুঠ আক্ৰান্তৰ সংখ্যাই 48,46,427 ৰ ঘৰ প্ৰৱেশ কৰিছে ৷

ভাৰতত কভিড-19 ত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 48 লাখৰ ঘৰ

এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত হৈ 79,722 গৰাকীয়ে প্ৰাণ হেৰুৱাইছে ৷ মুঠ আক্ৰান্তৰ 9,86,598 জন সক্ৰিয় ৰোগী থকাৰ পৰিৱৰ্তে 37,80,107 জনক অব্যাহতি দিয়া হৈছে ৷ বিগত 24 ঘন্টাত 77,512 গৰাকী আক্ৰান্ত ৰুগীক অব্যাহতি দিয়া হৈছে ৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ মতে বৰ্তমানলৈ মৃত্যুৰ হাৰ হৈছে 1.65 শতাংশ আৰু আৰোগ্যৰ হাৰ 77.88 শতাংশ ৷

17 জুলাইৰ দিনটোত ভাৰতত 10 লাখ গৰাকী এই ৰোগত আক্ৰান্ত হৈছিল আৰু মাত্ৰ 20 দিনৰ ভিতৰতে 7 আগষ্ট তাৰিখে এই সংখ্যা দুগুণ হৈছিলগৈ ৷ 23 আগষ্টত পুনৰ অন্য 10 লাখ আক্ৰান্তৰ সৈতে চেপ্তেম্বৰ 5 তাৰিখে এই আক্ৰান্তৰ সংখ্যাই 40 লাখৰ ঘৰত ভৰি থৈছিল ৷ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ ৰ পৰা প্ৰাপ্ত তথ্য অনুযায়ী কেৱল দেওবাৰৰ দিনটোতে ভাৰতত 9,78,500 টা নমুনা পৰীক্ষা কৰা হৈছে, যাৰ লগে লগে দেশখনত এতিয়ালৈ হোৱা মুঠ নমুনা পৰীক্ষণৰ সংখ্যা হৈছেগৈ 5,72,39,428 টা ৷

বিশ্ব প্ৰেক্ষাপটত কভিড-19 অতিমাৰীৰ দ্বাৰা ক্ষতিগ্ৰস্ত দেশৰ ভিতৰত ভাৰত এতিয়া দ্বিতীয় পৰ্যায়ত ৷ 65,19,121 মুঠ আক্ৰান্ত আৰু 1,94,041 জনৰ মৃত্যুৰে সৈতে মাৰ্কিন যুক্তৰাষ্ট্ৰ এতিয়াও শীৰ্ষত ৰৈছে ৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পাছতে ব্ৰাজিল আৰু ভাৰতত এতিয়ালৈকে সৰ্বাধিক লোকে মৃত্যুক সাৱটি লৈছে ৷

লগতে পঢ়ক: মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছে ক’ভিড-19 ৰ বাবে বিশেষ পদক্ষেপ

ABOUT THE AUTHOR

...view details