নিউজ ডেস্ক, 8 জানুৱাৰী :বিগত 24 ঘন্টাত ভাৰতবৰ্ষত 18,139 গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ লগতে, 24 ঘন্টাত মৃত্যু হৈছে 234 গৰাকী কৰ'ণা ৰোগী ৷ একেদৰে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ তৰফৰ পৰা জনোৱা অনুসৰি, সৰ্বমুঠ ভাৰতবৰ্ষত মুঠ কৰ'ণা ৰোগীৰ সংখ্যা 1,04,13,417 গৰাকী আৰু মৃত্যুৰ সংখ্যা 1,50,570 গৰাকী ৷
ভাৰতবৰ্ষত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড ৰোগীৰ সংখ্যা ৷ সৰ্বমুঠ ভাৰতত 1,00,37,398 গৰাকী ৰোগী বৰ্তমানলৈ সুস্থ হৈ উঠিছে ৷ একেদৰে, ভাৰতবৰ্ষত সক্ৰিয় হৈ থকা ৰোগীৰ সংখ্যা 2,25,449 গৰাকী ৷ ইফালে, ভাৰতবৰ্ষত সৰ্বমুঠ আৰোগ্য ৰোগীৰ সংখ্যাৰ হাৰ 96.36 শতাংশ আৰু মৃত্যুৰ হাৰ 1.45 শতাংশ ৷
আনহাতে, ভাৰতীয় অনুসন্ধান চিকিৎসা পৰিষদৰ তথ্য অনুসৰি, বৰ্তমানলৈ ভাৰতবৰ্ষত 17,93,36,364 গৰাকী লোকৰ নমুমা সংগ্ৰহ কৰা হৈছে ৷ একেদৰে, বৃহস্পতিবাৰে ভাৰতত 9,35,369 গৰাকী লোকৰ নমুনা সংগ্ৰহ কৰা হৈছে ৷ উল্লেখ্য যে, দেশৰ ভিতৰত মহাৰাষ্ট্ৰ হৈ আটাইতকৈ সৰ্বাধিক কৰ'ণা আক্ৰান্ত ৰাজ্য ৷
লগতে পঢ়ক :ভাৰতীয় গণতন্ত্ৰ শক্তিশালী হোৱাৰ আঁৰত গ্ৰাম্য পঞ্চায়তঃ ওম বিৰলা