নিউজ ডেস্ক, ৭ এপ্ৰিলঃ সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে মহামাৰী কৰ'ণা ভাইৰাছ অথবা COVID-19 য়ে । ভাৰততো দেখা দিছে ইয়াৰ সংহাৰী ৰূপ । চীনত উদ্ভৱ হোৱা এই মাৰাত্মক ভাইৰাছে বিশ্বৰ প্ৰায় ১৯৫ খন দেশক বৃহৎ ক্ষতিক্ষাধন কৰিবলৈ সক্ষম হৈছে । কিন্তু আচৰিত ধৰণে লাহে লাহে এই ভাইৰাছৰ গ্ৰাসৰ পৰা মুক্ত হৈছে চীন । কিন্তু ভাৰতত এতিয়াও ক্ৰমান্বয়ে ভয়াৱহ ৰূপ ধাৰণ কৰি আছে এই মহামাৰীয়ে ।
আনহাতে উন্নয়ণশীল দেশ ভাৰতত এই ভাইৰাছক প্ৰতিহত কৰাৰ বাবে নাই পৰ্যাপ্ত পৰিমাণৰ Personal Protection Equipment । যাৰ বাবে শেহতীয়াকৈ এই ক্ষেত্ৰত ভাৰতক সহায়ৰ বাবে আগবাঢ়ি আহিছে প্ৰায়ে সীমা বিবাদ লৈ যুদ্ধৰ পৰিৱেশ সূচনা কৰা ৰঙা চীন । ভাৰতক কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজবলৈ প্ৰায় ১.৭০ লাখ PPE ছুট প্ৰদান কৰিছে চীনে । সোমবাৰে এই কথা সদৰী কৰে কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰীয়ে ।
চীনৰ পৰা PPE ছুট আমদানী কৰাৰ পাচত মুঠ ১.৯০ লাখ PPE ছুট দেশৰ বিভিন্ন হাস্পতাললৈ বিতৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে ।