অসম

assam

ETV Bharat / bharat

'বিশ্ব উদ্ভাৱনী সূচাংক ২০২০'ৰ তালিকাত স্থান লাভ ভাৰতৰ

'বিশ্ব উদ্ভাৱনী সূচাংক'ৰ তালিকাত প্ৰথমবাৰৰ বাবে ভাৰতৰ স্থান লাভ । তালিকাৰ শীৰ্ষ ৫০ খন দেশৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে ভাৰতৰ নাম। 'বিশ্ব উদ্ভাৱনী সূচাংক ২০২০'ৰ তালিকাত ৪৮নং স্থান লাভ কৰিছে ভাৰতবৰ্ষই ।

'বিশ্ব উদ্ভাৱনী সূচাংক ২০২০'ৰ তালিকাত স্থান লাভ ভাৰতৰ
'বিশ্ব উদ্ভাৱনী সূচাংক ২০২০'ৰ তালিকাত স্থান লাভ ভাৰতৰ

By

Published : Sep 3, 2020, 3:21 PM IST

নেশ্যনেল ডেস্ক, ৩ছেপ্টেম্বৰ: প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ নাম উজলিছে 'বিশ্ব উদ্ভাৱনী সূচাংক'ৰ তালিকাত । 'বিশ্ব উদ্ভাৱনী সূচাংক ২০২০'ৰ তালিকাত ভাৰতে স্থান পাইছে আৰু 'ৱৰ্ল্ড ইনটেলেক্সুৱেল প্ৰপ্ৰাৰ্টি অৰগেনাইজেচনৰ ৫০খন দেশৰ ভিতৰত ৪৮নং স্থানত ভাৰতৰ নাম অন্তৰ্ভুক্ত হৈছে ।

এই বৰ্ষত তালিকাত শীৰ্ষ স্থান দখল কৰিছে ছুইজাৰলেণ্ড, চুইডেন, আমেৰিকা, ব্ৰিটেইন, আৰু নেডাৰলেণ্ডে । মধ্য আৰু দক্ষিণ এছিয়াৰ দেশসমূহৰ ভিতৰত শীৰ্ষ স্থানত আছে ভাৰত । বিভাগীয় বিবৃত্তিত প্ৰকাশ পাইছে যে, ২০১৫ চনত 'বিশ্ব উদ্ভাৱনী সূচাংক'ৰ তালিকাত ভাৰত ৮১নং স্থানত আছিল আৰু ২০১৯ চনত ভাৰতে ৫২নং স্থান লাভ কৰে । 'বিশ্ব উদ্ভাৱনী সূচাংক'ৰ তালিকাত ধাৰাবাহিকভাৱে উন্নতি সম্ভৱ হৈছে বিশাল জ্ঞানৰ পুঁজি, চৰকাৰী আৰু বেচৰকাৰী গৱেষণা সংস্থাৰ অহৰহ প্ৰচেষ্টা তথা কঠোৰ পৰিশ্ৰমৰ বাবে। এই তালিকাত ভাৰতৰ স্থিতি সন্দৰ্ভত দৃষ্টি ৰখাৰ লগতে মূল্যাংকণৰ ক্ষেত্ৰত NITI আয়োগে গুৰুত্ব প্ৰদান কৰিছে । তালিকাত ভাৰতৰ নাম অন্তৰ্ভুক্ত হোৱাৰ পূৰ্বে GIIৰ অধীনত মুঠ ১৩১খন দেশৰ বিশ্লেষণ কৰা হৈছিল।

ABOUT THE AUTHOR

...view details