2020 চনত ভাৰতৰ পুনৰ চন্দ্ৰ অভিযানৰ পৰিকল্পনাঃ কে শিবন - ভাৰতীয় মহাকাশ বিজ্ঞান কেন্দ্ৰ
চন্দ্ৰযান-2 নিজৰ লক্ষ্যত উপনিত হোৱাত 98 শতাংশ সফল হৈছে বুলি প্ৰকাশ কৰিছে ভাৰতীয় মহাকাশ বিজ্ঞান কেন্দ্ৰৰ অধক্ষ কে শিবনে ৷ তেওঁ লগতে জনাই যে, লেণ্ডাৰ বিক্ৰমৰ লৈতে সংযোগ স্থাপন কৰিব পৰা নাই যদিও বৈজ্ঞানিকসকলে চেষ্টা অব্যাহত ৰাখিছে ৷
নেশ্যনেল ডেস্ক, 21 চেপ্তেম্বৰঃ ভাৰতীয় মহাকাশ বিজ্ঞান কেন্দ্ৰৰ অধক্ষ কে শিবনে শনিবাৰে কয় যে চন্দ্ৰযান-2 নিজৰ লক্ষ্যত উপনিত হোৱাত 98 শতাংশ সফল হৈছে ৷ তেওঁ লগতে জনাই যে লেণ্ডাৰ বিক্ৰমৰ লৈতে সংযোগ স্থাপন কৰিব পৰা নাই যদিও বৈজ্ঞানিকসকলে চেষ্টা অব্যাহত ৰাখিছে ৷ ভুবনেশ্বৰত উপস্থিত হৈ তেওঁ এই কথা জানিবলৈ দিয়ে ৷ তেওঁ কয় যে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত কৰিব লগীয়া সকলো পৰিক্ষণ চন্দ্ৰযান-2 ৱে সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হৈছে ৷ আই আইন টি-ভুবনেশ্বৰৰ 8 সংক্ষৰ অভিবৰ্তণ সমাৰোহত অংশগ্ৰহণ কৰি এি কথা জানিবলৈ দিয়ে বিজ্ঞানীজনে ৷