অসম

assam

ETV Bharat / bharat

কাৰ্টাৰপুৰ কৰিড'ৰত চুক্তিত স্বাক্ষৰ ভাৰত-পাকিস্তানৰ - India, Pakistan sign agreement to operationalise Kartarpur Corridor

ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ শূন্য অৱস্থানস্থিত নাৰোৱালত কাৰ্টাৰপুৰ কৰিড'ৰক লৈ চুক্তিত স্বাক্ষৰ কৰে দুয়োখন দেশৰ প্ৰতিনিধিয়ে ৷ ভাৰতৰ পঞ্জাৱ প্ৰদেশৰ ডেৰা বাবা চাহিব আৰু পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ ডৰবাৰ চাহিবক সংলগ্ন কৰি নিৰ্মাণ কৰা হৈছিল কাৰ্টাৰপুৰ কৰিড'ৰ ৷

কাৰ্টাৰপুৰ কৰিড'ৰত চুক্তিত স্বাক্ষৰ ভাৰত-পাকিস্তানৰ

By

Published : Oct 24, 2019, 2:44 PM IST

নিউজ ডেস্ক, 24 অক্টোবৰঃভাৰত-পাকিস্তানৰ মাজত অৱশেষত স্বাক্ষৰ হয় কাৰ্টাৰপুৰ কৰিড'ৰক লৈ গুৰুত্বপূৰ্ণ চুক্তি ৷ দুয়োখন দেশৰ শিখ সম্প্ৰদায়ৰ লোকসকলৰ ধৰ্মীয় উপাসনাৰ স্থল সংযোগী এই কৰিড'ৰক লৈ বিগত সময়ছোৱাত বহুটো বিতৰ্কৰ সৃষ্টি হৈছিল ৷ অৱশ্যে দুয়োখন দেশৰ উমৈহতীয়া সিদ্ধান্তৰ পৰিণতিতে মুকলিৰ দিশে আগবাঢ়িছে কাৰ্টাৰপুৰ কৰিড'ৰ ৷

ভাৰতীয় শিখসকলক পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ নাৰোৱাল জিলাস্থিত ডৰবাৰ চাহিব গুৰুদ্বাৰা দৰ্শন কৰিবলৈ নিৰ্মাণ কৰা হয় কাৰ্টাৰপুৰ কৰিড'ৰ ৷ কোনোধৰণৰ আন্তঃৰাষ্ট্ৰীয় পাৰপত্ৰ অবিহনে এই পথেৰে প্ৰতিদিনে 5000 দৰ্শনাৰ্থীয়ে পাকিস্তানস্থিত এই ধৰ্মীয় স্থান ভ্ৰমণ কৰিব পাৰিব ৷ ভাৰতৰ সীমান্তৰ পৰা মাত্ৰ চাৰি কিলোমিটাৰ দুৰত্বত অৱস্থিত এই স্থললৈ যাবৰ বাবে দুয়োখন দেশে বৃহস্পতিবাৰে চুক্তিত স্বাক্ষৰ কৰি আনুষ্ঠানিক অনুমতিত উপনীত হয় ৷

চুক্তি অনুসৰি,ভাৰতীয় মূলৰ সকলো ধৰ্মীয় বিশ্বাসত বিশ্বাসী তীৰ্থযাত্ৰীয়ে এই কৰিড'ৰ ব্যৱহাৰ কৰিব পাৰিব ৷ এই ভ্ৰমণৰ বাবে তীৰ্থযাত্ৰীসকলক ভিছাৰ পৰিৱৰ্তে এখন বৈধ পাছপৰ্টৰ প্ৰয়োজন হ'ব ৷ ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে বছৰৰ প্ৰতিটো দিনতে মুকলি থাকিব এই কৰিড'ৰ ৷ অৱশ্যে বিশেষ কাৰণত বন্ধ কৰিবলগীয়া হ'লে তাৰ বিষয়ে আগতীয়াকৈ উল্লেখ কৰা হ'ব ৷ তীৰ্থযাত্ৰীসকলে এদিনতে এই স্থান ভ্ৰমণ কৰি উভটি আহিব লাগিব ৷ তীৰ্থযাত্ৰীসকলৰ লগতে ব্যক্তিগতভাৱে যিদৰে বিচাৰে সেইদৰে ভ্ৰমণ কৰিব পাৰিব,অৱশ্যে এই ভ্ৰমণ খোজ কাঢ়িয়ে সম্পন্ন কৰিব লাগিব ৷ ভাৰতে 10 দিন পূৰ্বেই তীৰ্থযাত্ৰীসকলৰ এখন তালিকা পাকিস্তানক প্ৰদান কৰিব,যাত্ৰাৰ 4দিন পূৰ্বে পাকিস্তানে তীৰ্থযাত্ৰীসকলৰ ভ্ৰমণৰ নিশ্চিতি প্ৰদান কৰিব ৷ ইয়াৰ লগতে পাকিস্তানে শিখসকলক উপযুক্ত পৰিমাণে "প্ৰসাদ" তথা "লাংগাৰ" প্ৰদান কৰিব ৷

লগতে পঢ়কঃ কেতিয়ালৈ সলনি হ'ব পাকিস্তানৰ চৰিত্ৰ ?

উল্লেখ্য যে,পাকিস্তানৰ নাৰোৱাল জিলাস্থিত গুৰুদ্বাৰা দৰবাৰ চাহিবত শিখ মতবাদৰ প্ৰতিষ্ঠাতা গুৰু নানক দেৱে নিজৰ জীৱনৰ অন্তিম 18 বৰ্ষ পাৰ কৰিছিল ৷ ভ্ৰমণৰ বাবে যদিও ভাৰতৰ ফালৰ পৰা পাকিস্তানক কোনোধৰণৰ মূল্য ধাৰ্য নকৰিবলৈ কোৱা হৈছে তথাপিও 20 আমেৰিকান ডলাৰ প্ৰাৰম্ভিক মূল্য প্ৰতিগৰাকী তীৰ্থযাত্ৰীয়ে প্ৰদান কৰিব লাগিব ৷ গুৰু নানক দেৱৰ 550সংখ্যক জন্মজয়ন্তীৰ সৈতে সংগতি ৰাখি নৱেম্বৰ মাহৰ 9 তাৰিখে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে আনুষ্ঠানিকভাৱে এই কৰিড'ৰ উদ্বোধন কৰিব ৷ বিগত বৰ্ষৰ নৱেম্বৰ মাহত পঞ্জাৱৰ গুৰদাসপুৰ জিলাত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে কাৰ্টাৰপুৰ কৰিড'ৰৰ ভাৰতীয় ফালৰ আধাৰশিলা স্থাপন কৰিছিল ৷ ভাৰত-পাকিস্তানৰ মাজৰ তিনিলানি আলোচনাৰ অন্তত কাৰ্টাৰপুৰ কৰিড'ৰ নিৰ্মাণৰ চূড়ান্ত সিদ্ধান্তত উপনীত হৈছিল দুয়োখন দেশ ৷

ABOUT THE AUTHOR

...view details