নিউজ ডেস্ক, 4 ছেপ্তেম্বৰঃএতিয়াৰে পৰা ভাৰতৰ তীৰ্থযাত্ৰীৰ বাবে পাকিস্তান যাবলৈ হ'লে কোনোধৰণৰ ভিছাৰ প্ৰয়োজন নহ'ব ৷ কিয়নো আট্টাৰি সীমান্তত চলি থকা ভাৰত-পাকিস্তানৰ মাজৰ তৃতীয়লানি আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰি দুয়োখন দেশে এক চুক্তিত উপনীত হৈছে ৷ দেশৰ গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য ৷
কৰ্টৰপুৰ গুৰুদ্বাৰ প্ৰদৰ্শনৰ বাবে ভাৰত-পাকিস্তানৰ বিশেষ চুক্তি ! - ভাৰত-পাকিস্তানৰ মাজৰ তৃতীয়লানি আলোচনা
ভাৰত আৰু পাকিস্তানৰ মাজত অব্যাহত থকা উদ্বেগজনক পৰিস্থিতিৰ মাজতে দুয়োখন দেশে শেহতীয়াকৈ এক বিশেষ চুক্তি স্বাক্ষৰ কৰিছে ৷ আট্টাৰি সীমান্তত হৈ থকা তৃতীয়লানি আলোচনাৰ মাজতে এই বিশেষ চুক্তিখন স্বাক্ষৰ কৰে দুয়োখন দেশে ৷ কি আছে এই চুক্তিত পঢ়ক আমাৰ এই প্ৰতিবেদন ৷
গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, কৰ্টৰপুৰ কৰিড'ৰৰ বাবে ভাৰত-পাকিস্তানৰ মাজত চলি আছে তৃতীয়লানি দ্বিপাক্ষিক আলোচনা ৷ এই আলোচনাৰ মাজতে বুধবাৰে দুয়োখন দেশে এক উমৈহতীয়া সিদ্ধান্তত উপনীত হৈ চুক্তিখন স্বাক্ষৰ কৰে ৷ সেই অনুসৰি, পাকিস্তানত থকা কৰ্টৰপুৰ গুৰুদ্বাৰা প্ৰদৰ্শনৰ বাবে ভাৰতীয় তীৰ্থযাত্ৰীসকলক কোনোধৰণৰ ভিছাৰ প্ৰয়োজন নহ'ব ৷ এদিনত প্ৰায় 5000 তীৰ্থযাত্ৰীয়ে উক্ত গুৰুদ্বাৰাটো প্ৰদৰ্শন কৰিবলৈ যাব পাৰিব ৷ শিখসকলৰ ধৰ্মীয় বিশ্বাসৰ প্ৰতি সন্মান জনাই দুয়োখন দেশে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷