নেশ্যনেল ডেস্ক, 1 এপ্ৰিল : কোভিড-19 তকৈও জটিল সংকটে দেখা দিয়াৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভাৰতবৰ্ষত ৷ লকডাউনৰ ফলত খাদ্যৰ যোগান আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ হোৱাৰ উপক্ৰম হৈছে ভাৰতত ৷
ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যসমূহৰ সীমান্ত আৰু অন্য় অঞ্চলসমূহত খাদ্য সামগ্ৰী কঢ়িওৱা প্ৰায় 5,00,000 ট্ৰাক আৱদ্ধ হৈ থকাৰ ফলত খাদ্যৰ তীব্ৰ সংকটে দেখা দিয়াৰ আশংকা কৰা হৈছে ৷
সৰ্ব ভাৰতীয় পৰিৱহণ উন্নয়ন সংস্থাৰ (All India Transporters’ Welfare Association) অধ্যক্ষ প্ৰদীপ সিংঘালে ইটিভি ভাৰতক জানিবলৈ দিয়ে, "এয়া এক চিন্তনীয় সময় ৷ বহুসংখ্যক সামগ্ৰী কঢ়িওৱা 5,00,000 ট্ৰাক দেশৰ বিভিন্ন স্থানত আৱদ্ধ হৈ আছে ৷ স্থানীয় প্ৰশাসনসমূহে এই ক্ষেত্ৰত কোনো সহযোগিতা প্ৰদান নাই কৰা আৰু কেৱল লকডাউনৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছে ৷ ইয়াৰোপৰি, স্থানীয় আৰক্ষী জোৱানে বহু ট্ৰাক ড্ৰাইভাৰক লাঠিছালনা কৰাৰ লগতে এনে সংকটৰ সময়ত ঘোচ বিচাৰিছে ৷"
সিংঘালে লগতে কয় যে, অন্য ৰাজ্যবোৰে সহযোগিতা প্ৰদান নকৰিলেও পশ্চিমবংগ আৰু ওড়িশাই সহযোগিতা আগবঢ়াইছে ৷