অসম

assam

By

Published : Dec 9, 2020, 10:33 AM IST

ETV Bharat / bharat

UNSC বিষয় সন্দৰ্ভত ভাৰত-নৰৱে’ৰ দ্বিপাক্ষিক বৈঠক

2021-22 বৰ্ষত ভাৰত আৰু নৰৱে’ই UNSCৰ অস্থায়ী সদস্যৰূপে অতি নিকটভাৱে আৰু গভীৰভাৱে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মঙলবাৰে সংযুক্ত ৰাষ্ট্ৰ নিৰাপত্তা পৰিষদ (UNSC)ৰ বিষয় সন্দৰ্ভত দ্বিপাক্ষিক আলোচনা কৰে দুয়োখন দেশে ৷

India, Norway hold bilateral consultations on UNSC issues
UNSCৰ সমস্যাক লৈ ভাৰত-নৰৱে’ৰ দ্বিপাক্ষিক বৈঠক

নিউজ ডেস্ক,9 ডিচেম্বৰ :ভাৰত আৰু নৰৱে’ই মঙলবাৰে সংযুক্ত ৰাষ্ট্ৰ নিৰাপত্তা পৰিষদ (UNSC)ৰ সমস্য়াৰ ওপৰত দ্বিপাক্ষিক আলোচনা কৰে ৷

বৈদেশিক মন্ত্ৰণালয়ে সদৰি কৰা মতে, 2021-22 বৰ্ষত দুয়োখন দেশে UNSCৰ অস্থায়ী সদস্যৰূপে অতি নিকটভাৱে আৰু গভীৰভাৱে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব বহন কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ জেএছ প্ৰকাশ গুপ্তা (UNP & Summits), পিএমআই নিউ ইয়ৰ্ক আৰু অ’চোলোৰ ভাৰতীয় ৰাষ্ট্ৰদূতৰ কৰ্মকৰ্তাসকলে ৷

আনহাতে, নৰৱে’ৰ প্ৰতিনিধি দলৰ নেতৃত্ব বহন কৰে Department for Multilateral Cooperationৰ ডাইৰেক্টৰ জেনেৰেল Merete Fjell Brattested, নৰৱে’ৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীসকল, নিউয়ৰ্ক আৰু নতুন দিল্লীত থকা তেওঁলোকৰ প্ৰতিনিধিসকলে ৷

দুয়োপক্ষৰ প্ৰতিনিধিসকলে UNSCৰ এজেণ্ডাৰ ওপৰত বিশদ আলোচনা কৰে ৷ এই আলোচনাৰ জৰিয়তে ভাৰতীয় প্ৰতিনিধি সভাই নৰৱে’ক আগন্তুক UNSCৰ কাৰ্যকালৰ বাবে পক্ষপাতী, সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা আৰু শান্তি স্থাপনৰ ক্ষেত্ৰত পৰিকল্পনাসমূহ ব্যক্ত কৰে ৷

লগতে পঢ়ক :10 ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোডীয়ে স্থাপন কৰিব নতুন সংসদ ভৱনৰ আধাৰশিলা

ABOUT THE AUTHOR

...view details