স্মিতা শৰ্মা
নিউজ ডেস্ক, 7 নৱেম্বৰঃ বিগত 5 আগষ্টত জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰৰপাচতেই 3 নৱেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰাণালয়ে প্ৰকাশ কৰে এখন নতুন মানচিত্ৰ ৷ গৃহ মন্ত্ৰাণালয়ে প্ৰকাশ কৰানতুন মানচিত্ৰখনত নেপালৰ কালাপানী আৰু লিপু অঞ্চলত ভাৰতৰ সীমান্তত সন্নিবিষ্ট কৰা হয়৷ ইয়াৰ পাচতেই বিষয়টোৱে চ'চিয়েল মিডিয়াৰ যোগেদি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷ নেপালৰ বৈদেশিক মন্ত্ৰাণালয়ে স্পষ্ট কৰে যে ,কালাপানী নেপালৰ এটি অংশ ৷ দুয়োখন দেশৰ বৈদেশিক সচিবে বিষয়টোক তৎপৰতাৰে গ্ৰহণ কৰিছে ৷ অতি সোনকালে সমস্যাটোৰ সমাধান কৰা হ'ব ৷ নেপাল নিজৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত প্ৰতিজ্ঞাবদ্ধ ৷ সীমান্তকলৈ সৃষ্টি হোৱা এই সমস্যা দুয়োখন দেশৰ কুটনৈতিক পৰ্যায়ৰ বৈঠকৰ মাজৰে সমাধান কৰা হ'ব বুলিও সদৰী কৰে নেপালৰ বৈদেশিক মন্ত্ৰাণালয়ে ৷
অৱশ্যে বৃহস্পতিবাৰে নতুন দিল্লীয়ে নেপালৰ অভিযোগ নস্যাৎ কৰাৰ লগতে নতুন মানচিত্ৰখনক সম্পূৰ্ণ শুদ্ধ বুলি কয় ৷ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে কয় যে, নতুনকৈ প্ৰকাশ কৰা মানচিত্ৰখনত ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰা হৈছে ৷ নতুন মানচিত্ৰত নেপালৰ সৈতে কোনো ধৰণৰ সীমা মীমাংসা হোৱা নাই বুলিও সদৰী কৰে গৃহমন্ত্ৰণালয়ে ৷
গৃহবিভাগৰ মুখপাত্ৰ ৰবিশ কুমাৰে কয় যে, আমি আমাৰ চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰাৰ ক্ষেত্ৰত সদায়ে প্ৰতিজ্ঞাবদ্ধ ৷ নেপালৰ সমীক্ষা বিভাগে প্ৰকাশ কৰা মানচিত্ৰ অনুসৰি কালাপানী, লিপু, লিম্ফুয়াধাৰা নেপালৰ অংশ ৷ দেশখনৰ বাবে কালাপানী, লিপু সীমান্ত অংশ এক সংবেদশীল ৰাজনৈতিক বিষয় ৷