অসম

assam

By

Published : Dec 29, 2020, 7:43 PM IST

ETV Bharat / bharat

ভাৰতলৈ ইংলেণ্ডৰ বিমান যাত্ৰাৰ অস্থায়ী নিষিদ্ধকৰণৰ সময়সীমা বৃদ্ধিৰ সম্ভাৱনা

ইংলেণ্ডৰ পৰা ভাৰতলৈ আহিবলগীয়া বিমানৰ ক্ষেত্ৰত জাৰি কৰা নিষেধাজ্ঞাৰ সময়সীমা অহা বৃ্দ্ধি কৰাৰ সম্ভাৱনা থকাৰ ইংগিত দিয়ে কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে । অহা ৩১ ডিচেম্বৰৰ পিছতো ভাৰতলৈ ইংলেণ্ডৰ বিমান অহাত বাধা আৰোপ কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰে । ইংলেণ্ডত COVID-১৯ৰ নতুন ষ্ট্ৰেইনৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পিছতে ভাৰতত ইংলেণ্ডৰ বিমান অৱতৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছিল ।

ভাৰতলৈ ইংলেণ্ডৰ বিমান যাত্ৰাৰ অস্থায়ী নিষিদ্ধকৰণৰ সময়সীমা বৃদ্ধিৰ সম্ভাৱনা
ভাৰতলৈ ইংলেণ্ডৰ বিমান যাত্ৰাৰ অস্থায়ী নিষিদ্ধকৰণৰ সময়সীমা বৃদ্ধিৰ সম্ভাৱনা

নেশ্যনেল ডেস্ক, ২৯ ডিচেম্বৰ: ইংলেণ্ডৰ পৰা ভাৰতলৈ অহা বহু কেইগৰাকী যাত্ৰী COVID-১৯ৰ নতুন ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমিত হোৱাৰ কথা পোহৰলৈ অহাৰ পিছতে অধিক তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ । কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে মঙলবাৰে সম্বোধন কৰা এক সংবাদমেলত কয় যে, 'ভাৰতলৈ ইংলেণ্ডৰ বিমান যাত্ৰা অস্থায়ীভাৱে নিষিদ্ধ কৰাৰ সময়সীমা বৃদ্ধি হোৱাতো উচিত বুলি ভাৱো' ।

দীঘলীয়া সময়ৰ বাবে নহ'লেও কিছুদিনৰ বাবে এই সময়সীমা বৃদ্ধিৰ পোষকতা কৰে বুলি মত প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । ইংলেণ্ডত COVID-১৯ৰ নতুন ষ্ট্ৰেইনৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে যোৱা ২১ ডিচেম্বৰৰ পৰা ভাৰতলৈ দেশখনৰ বিমান অহাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছিল । মঙলবাৰে ভাৰতত COVID-১৯ৰ নতুন ষ্ট্ৰেইনৰ দ্বাৰা ৬ জন লোক সংক্ৰমিত হোৱাৰ ঘটনা পোহৰলৈ আহে । এই নতুন ষ্ট্ৰেইনৰ ভাইৰাছ পূৰ্বৰ ভাইৰাছতকৈ ৭০ গুণ অধিক সংক্ৰমণ হয় । ইংলেণ্ডত ইয়াৰ প্ৰথমটো ঘটনা পোহৰলৈ আহিছিল ।

পৰীক্ষণ কৰা নমুনাসমূহৰ ভিতৰত বাংগালুৰুস্থিত এনআইএমএইচএএনএছত তিনিটা, হাইদৰাবাদস্থিত চিচিএমবিত দুটা, পুণেস্থিত এন আই ভিত এটা নমুনাৰ ফলাফল পজিটিভ পোৱা গৈছে । এয়াৰ বাবল ব্যৱস্থাপনাৰ অধীনত ভাৰত-ইলেণ্ডৰ ৬৭ খন সপ্তাহিক বিমানৰ যাত্ৰাৰ ব্যৱস্থা কৰে এয়াৰ ইণ্ডিয়া, ভিস্তাৰা, ব্ৰিটিছ এয়াৰৱেইজ আৰু ভাৰ্জিন আটলাণ্টিকে ।

লগতে পঢ়ক:ভাৰত-বাংলাদেশ সম্পৰ্কক লৈ আশাবাদী নৱ-নিযুক্ত বাংলা উচ্চায়ুক্ত

ABOUT THE AUTHOR

...view details