অসম

assam

By

Published : Jan 6, 2021, 6:51 PM IST

ETV Bharat / bharat

বায়ুসেনাৰ ৫৬ খন পৰিবহণ বিমান ক্ৰয়ৰ চুক্তি চূড়ান্ত হোৱাৰ পথত

এয়াৰবাছৰ পৰা ভাৰতে বায়ু সেনাৰ বাবে ক্ৰয় কৰিব ৫৬ খন পৰিবহন বিমান । তাৰ ভিতৰত ভাৰতৰ কোম্পানীয়ে ভাৰততে নিৰ্মাণ কৰিব ৪০ খন বিমান । বিমান ক্ৰয়ৰ বৃহৎ চুক্তি প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত ।

বায়ুসেনাৰ ৫৬ খন পৰিবহণ বিমান ক্ৰয়ৰ চুক্তি চূড়ান্ত হোৱাৰ পথত
বায়ুসেনাৰ ৫৬ খন পৰিবহণ বিমান ক্ৰয়ৰ চুক্তি চূড়ান্ত হোৱাৰ পথত

নিউজ ডেস্ক, ৬ জানুৱাৰী :ভাৰতৰ সামৰিক সামৰ্থ্য়ক শক্তিশালী কৰাৰ উদ্দেশ্য়ে ইতিমধ্য়ে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ মাজতে ভাৰতে বায়ু সেনাৰ বাবে ক্ৰয় কৰিবলৈ ওলাইছে ৫৬ খন বিশেষ বিমান । বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, আগন্তুক কেইমাহমানৰ ভিতৰতে ভাৰতীয় বায়ু সেনাৰ বাবে ভাৰতে ২.৫ বিলিয়ন আমেৰিকান ডলাৰ ব্য়য় সাপেক্ষে ৫৬ খন পৰিবহণ বিমান ক্ৰয়ৰ এক বৃহৎ চুক্তি স্বাক্ষৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । জানিব পৰা মতে এই বৃহৎ চুক্তিৰ চূড়ান্ত সিদ্ধান্ত অতি সোনকালে লোৱা হ'ব আৰু বিমান ক্ৰয়ৰ প্ৰক্ৰিয়াও প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত ।

চুক্তিখনৰ সিদ্ধান্ত অনুসৰি এয়াৰবাছৰ জৰিয়তে ১৬ খন বিমান ভাৰতলৈ অনা হ'ব আৰু ৪০ খন বিমান ভাৰততে এটা বেচৰকাৰী কোম্পানীৰ দ্বাৰা নিৰ্মাণ কৰা হ'ব । বিভাগীয় কতৃপক্ষই জনোৱা মতে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত 'মেক ইন ইণ্ডিয়া'ৰ আধাৰত ভাৰতত এয়াৰোস্পেছৰ বৃহৎ কোম্পানী এয়াৰবাছৰ সৈতে এই চুক্তি অতি সোনকালে সফল ৰূপত ৰূপায়ন কৰা হ'ব । এই প্ৰক্ৰিয়াত ভাৰতীয় বেচৰকাৰী কোম্পানীৰ অংশ গ্ৰহণে প্ৰতিৰক্ষা উদ্য়োগত যথেষ্ট পৰিমাণে উৎসাহ যোগাব বুলি আশা প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ।

উল্লেখ্য যে, বায়ু সেনাৰ এভৰো বিমানৰ স্থান পূৰণৰ বাবে ৫৬ খন বিমান ক্ৰয়ৰ সিদ্ধান্ত লোৱা হৈছে ।

লগতে পঢ়ক :DCGIৰ অনুমোদনৰ পিচতো 69 শতাংশ লোকৰ প্ৰতিষেধক ল’বলৈ অস্বীকাৰ

ABOUT THE AUTHOR

...view details