নেশ্যনেল ডেস্ক, 13 জুন : শুকুৰবাৰে ভাৰত আৰু লাও PDR য়ে COVID ৰ পাচৰ পৃথিৱীত আন্তৰাষ্ট্ৰীয় সহযোগিতা প্ৰদান কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু Lao People's Democratic Republic ৰ প্ৰধানমন্ত্ৰী থংলাউন ছিচৌলিথে টেলিফোনিক বাৰ্তালাপৰ জৰিয়তে স্বাস্থ্য আৰু অৰ্থনৈতিক প্ৰত্যাহ্বান সম্পৰ্কত আলোচনা কৰে ৷
এক অফিচিয়েল বিবৃতিত কোৱা হয় যে, লাও PDR চৰকাৰে কৰ'ণা ভাইৰাছ ৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কতো মোডীয়ে প্ৰশংসা আগবঢ়ায় ৷
বিবৃতিত কোৱা হয়, "আন্তৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে দুয়োগৰাকী নেতাই সন্মতি জনাইছে আৰু নিজা অভিজ্ঞতাৰ আদান প্ৰদান কৰিছে ৷"