“বৰ্তমানৰ যি প্ৰস্তুতি সেয়া ভাইৰাছবিধৰ বিৰুদ্ধে যুঁজিবলৈ যথেষ্ট নহয় । সাধাৰণ লক্ষণ থকা লোকসকলকো পৰীক্ষা কৰা উচিত । ব্ৰিটেইনে তেনেধৰণৰ এক লাখ পৰীক্ষা প্ৰতি দিনে কৰিবলৈ প্ৰস্তুতি চলাইছে । কৰ’ণা ভাইৰাছ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত দক্ষিণ কোৰিয়া আৰু জাৰ্মানী অধ্যয়নৰ বিষয় হৈ পৰিব পাৰে।”
-- লণ্ডনৰ চিকিৎসক ডা০ ৰাজেশ মাদ্দিপাটিয়ে ইনাড়ুৰ সৈতে হোৱা সাক্ষাৎকাৰত মত প্ৰকাশ কৰে ।
ব্ৰিটেইনৰ লিভাৰপুল হেলথ্ চাৰ্ভিছ ছিষ্টেমৰ দ্বাৰা স্বীকৃত ডাঃ ৰাজেশ মেড্ডীপাটিৰ মতে যদিও কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যদিও লক ডাউনৰ দৰে ব্যৱস্থা গ্ৰহণ কৰি কৰ’ণা ভাইৰাছ ৰোধৰ চেষ্টা অব্যাহত ৰাখিছে,সংক্ৰমণ আৰু ভাইৰাছ চিনাক্ত কৰিবৰ বাবে যথেষ্ট পৰিমাণে পৰীক্ষা কৰা হোৱা নাই ।
তেলেগু দৈনিক বাতৰিকাকত ইনাড়ুৰ এগৰাকী প্ৰতিনিধিৰ সৈতে তেওঁ ফোনযোগে বাৰ্তালাপ কৰে । ৬.৭০ কোটি জনসংখ্যা থকা ব্ৰিটেইনৰ দৰে দেশত ১০ হাজাৰতকৈ অধিক পৰীক্ষা কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে । কিন্তু ১৩০ কোটি জনসংখ্যাৰ দেশ ভাৰতবৰ্ষত অতি কমসংখ্যক পৰীক্ষা কৰা হোৱাটো চিন্তনীয় বিষয় বুলি চিকিৎসক গৰাকীয়ে মত প্ৰকাশ কৰে । এই মাহৰ শেষৰ পিনে ব্ৰিটেইনে প্ৰতি দিনে এক মিলিয়ন পৰীক্ষা কৰাৰ বাবে ব্ৰিটেইনে চেষ্টা অব্যাহত ৰাখিছে বুলি তেওঁ জনায় । তেওঁ দাবী কৰা অনুসৰি ভাৰতত মাত্ৰ যিসকলৰ অত্যধিক কৰ’ণাৰ লক্ষণ দেখা পোৱা যায় তেওঁলোকৰহে পৰীক্ষা কৰা হয় । এয়া ভাইৰাছক সফলভাৱে প্ৰতিহত কৰিবলৈ যথেষ্ট নহয়। বৰ্তমান পৰিস্থিতিত ৰোগৰ সামান্য লক্ষণ থকাজনেও পৰীক্ষা কৰাব লাগে। যদি তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়,সামান্য লক্ষণ থকা লোকসকলেও মুকলিভাৱে চলাচল কৰিব। তেনেস্থলত বহুতো লোকৰ গাত তেওঁলোকে নজনাকৈ সংক্ৰমণ ঘটিব পাৰে আৰু ভাইৰাছবিধ দ্ৰুতগতিত এজন লোকৰ পৰা আনজন লোকলৈ বিয়পি পৰিব । তাৰ ফলত সমগ্ৰ দেশৰ বাবে পৰিস্থিতি ভয়াৱহ হৈ পৰিব পাৰে । দক্ষিণ কোৰিয়া আৰু জাৰ্মানীত আন দেশৰ তুলনাত মৃত্যুৰ হাৰ কম হোৱাৰ মূল কাৰণ হ’ল তেওঁলোকে অধিকাংশ লোকক বেছি লক্ষণ নেদেখা সত্বেও পৰীক্ষা কৰিবলৈ কৈ আহিছে । ইয়াৰ ফলত অলপ লক্ষণ থকাসকলকো আছুতীয়াকৈ ৰাখিবলৈ চৰকাৰৰ সহায় হৈছে । যাৰ ফলত দেশত গড় মৃত্যুৰ হাৰ তলত আছে । ৮.৩৭ মিলিয়ন জনসংখ্যা থকা জাৰ্মানীয়ে পৰীক্ষাৰ ক্ষেত্ৰত সৰ্বাধিক সংখ্যা পাৰ কৰিছে । দেশখনে বৰ্তমান প্ৰতিদিনে ৩০ হাজাৰ লোকৰ পৰীক্ষা কৰি আছে । কৰ্তৃপক্ষই ঘোষণা কৰা অনুসৰি এই সংখ্যা শীঘ্ৰে ৫০ হাজাৰ স্পৰ্শ কৰিব । ৫.১২ কোটি জনসংখ্যাৰ দেশ দক্ষিণ কোৰিয়াই প্ৰকাশ কৰা অনুসৰি দেশখনে ইতিমধ্যে ৪ লাখ ৫০ হাজাৰতকৈ অধিক লোকৰ পৰীক্ষা সম্পন্ন কৰিছে আৰু বৰ্তমান গড়ে ১১ হাজাৰ লোকৰ পৰীক্ষা কৰাই আছে ।
জাৰ্মানীৰ প্ৰতিৰোধমূলক ব্যৱস্থা