অসম

assam

ETV Bharat / bharat

ভাৰত-জাপানৰ বন্ধুত্বই COVID-19 প্ৰতিৰোধৰ ক্ষেত্ৰত সহায় আগবঢ়াব পাৰেঃ মোডী - টুইট

"ভাৰত-জাপানৰ পাৰস্পৰিক বৈদিশক বন্ধুত্বই সমগ্ৰ বিশ্বত ত্ৰাস সৃষ্টি কৰা কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াব ।" শুকুৰবাৰে মহামাৰী কৰ'ণা ভাইৰাছ সন্দৰ্ভত জাপানৰ প্ৰধানমন্ত্ৰী চিনজো আবেৰ লগত বাৰ্তালাপ কৰাৰ পাছতে টুইটযোগে এনেদৰে মন্তব্য কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

ভাৰত-জাপান
ভাৰত-জাপানৰ বন্ধুত্বই COVID-19 প্ৰতিৰোধৰ ক্ষেত্ৰত সহায় আগবঢ়াব পাৰেঃ মোডী

By

Published : Apr 10, 2020, 7:23 PM IST

নিউজ ডেস্ক, 10 এপ্ৰিলঃ ভাৰত-জাপানৰ পাৰস্পৰিক বৈদিশক বন্ধুত্ব আৰু কৌশলগত সম্পৰ্কেৰে সমগ্ৰ বিশ্বত আতংকৰ সৃষ্টি কৰা মহামাৰী কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত নতুন পদ্ধতি আৰু তাৰ সমাধান উলিওৱাৰ ক্ষেত্ৰত সহায় আগবঢ়াব ।

শুকুৰবাৰে টুইটযোগে এই মন্তব্য প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । কৰ'ণা ভাইৰাছ সন্দৰ্ভত জাপানৰ প্ৰধানমন্ত্ৰী চিনজো আবেৰ লগত বাৰ্তালাপ কৰাৰ পাছতে টুইটযোগে এইদৰে মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ।

মোডীয়ে টুইটযোগে লিখে যে, "মহামাৰী COVID-19ৰ সম্পৰ্কত মোৰ বন্ধু তথা জাপানৰ প্ৰধানমন্ত্ৰী চিনজো আবেৰ লগত গুৰুত্বপূৰ্ণ বাৰ্তালাপ হয় । ভাৰত-জাপানৰ পাৰস্পৰিক বৈদিশক বন্ধুত্ব আৰু কৌশলগত সম্পৰ্কেৰে বিশ্ববাসীৰ বাবে COVID-19 ৰোধ কৰিবৰ বাবে নতুন পদ্ধতি আৰু সমাধান উলিওৱাৰ ক্ষেত্ৰত সহায় কৰিব ।"

উল্লেখ্য যে, জাপানৰ প্ৰধানমন্ত্ৰী আবে কিছুদিন পূৰ্বে কৰ'ণা ভাইৰাছৰ বাবেই জাপানৰ টকিঅ' কে ধৰি ৬ খন ঠাইত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছিল ।

আনহাতে, শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেপালৰ প্ৰধানমন্ত্ৰী পি শৰ্মাৰ লগতো কৰ'ণা ভাইৰাছ সন্দৰ্ভত বাৰ্তালাপ কৰে বুলি টুইটযোগে সদৰী কৰে ।

ABOUT THE AUTHOR

...view details