নেশ্বনেল ডেস্ক, 2 অক্টোবৰ : ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) মুৰব্বী মোহন ভাগৱতে মঙলবাৰে মন্তব্য কৰে যে, সংঘক কোনো বিচাৰধাৰাৰ জৰিয়তে বান্ধিব পৰা নাযায়, সংঘই কোনো মতবাদত বিশ্বাস নকৰে আৰু কোনো কিতাপেও সংঘক প্ৰতিনিধিত্ব নকৰে ৷
সংঘৰ মুখ্য নীতি হৈছে যে, ভাৰত এখন হিন্দু ৰাষ্ট্ৰ আৰু এই ক্ষেত্ৰত কোনো বিচাৰ কৰাৰ প্ৰয়োজন নাই ৷
"সংঘৰ মতাদৰ্শ হিচাপে অন্য কোনো মন্তব্য কৰাটো সম্পূৰ্ণ ভুল ৷ সংঘৰ প্ৰতিষ্ঠাপক ড: হেডজৱাৰে কেতিয়াও সংঘক সম্পূৰ্ণৰূপে বুজি পাইছে বুলি মন্তব্য কৰা নাছিল ৷ বহু সময় ধৰি সংঘৰ পৰিচালক হোৱাৰ পাছতো গুৰুজীয়ে মন্তব্য কৰিছিল য়ে, তেওঁ লাহে লাহে সংঘক বুজিবলৈ আৰম্ভ কৰিছে ৷" মোহন ভাগৱতে মন্তব্য কৰে ৷
গ্ৰন্থাকাৰ সুনীল আম্বেকাৰৰ দ্বাৰা লিখিত 'আৰএছএছ, 21 শতিকাৰ মানচিত্ৰ' (RSS, ROADMAP FOR THE 21ST CENTURY) নামৰ গ্ৰন্থখনৰ উন্মোচনৰ সময়ত এনেদৰে মন্তব্য কৰে মোহন ভাগৱতে ৷ তেওঁ লগতে কয় যে, আৰএছএছৰ কোনো বিচাৰক নাই আৰু ভগৱান হনুমান, মাৰাঠী ৰজা শিৱাজী আৰু হেডজৱাৰ আৰএছএছৰ আদৰ্শ ৷
সমাজলৈ সংঘৰ দায়িত্ব সম্পৰ্কত তেওঁ মন্তব্য কৰে যে, মানৱ জাতিৰ মাজলৈ পৰিৱৰ্তন অনাই সংঘৰ মুখ্য উদ্দেশ্য ৷ সংঘই সমগ্ৰ সমাজক সংগঠিত হোৱাটো বিচাৰে ৷ সুনীল আম্বেকাৰৰ গ্ৰন্থখনে সংঘৰ মূল্যবোধক পৰিচিত কৰোৱাত সহায় কৰিব বুলি জানিবলৈ দিয়ে মোহন ভাগৱতে ৷