তেজপুৰ,গুৱাহাটী, 21 জুলাইঃকোনো কাৰণতে 1962 ৰ দৰে লজ্জাজনক পৰিস্থিতিৰ সন্মুখীন হ'ব নিবিচাৰে ভাৰত। যিকোন মূল্যৰ বিনিময়ত উত্তৰ-পূবেদি আজন্ম শত্ৰু চীনক ভেটিবলৈ এই অঞ্চলটো অতি শীঘ্ৰেই সমৰ সজ্জা গঢ়ি তুলিবলৈ তৎপৰ হৈ উঠিছে ভাৰত চৰকাৰ। অতি শেহতীয়াকৈ উজনি অসমৰ নুমলীগড়ৰ পৰা গহপুৰ সংযোগ কৰি মহাবাহু ব্ৰহ্মপুত্ৰ বুকুৱেদি 14.85 কিলোমিটাৰ দৈৰ্ঘ্যৰ এক নদী সুৰংগ পথনিৰ্মাণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তই এই কথা পুনৰবাৰ প্ৰমাণ কৰিছে ।
ৰঙা চীনক ৰুধিবলৈ ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ পথ কিয় ? - ৰঙা চীনক ৰুধিবলৈ ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ পথ কিয়?
প্ৰণিধানযোগ্য যে চীনৰ সৈতে হ'ব পৰা যিকোনো সামৰিক অনিশ্চয়তাক প্ৰতিহত কৰিবলৈ ইতিমধ্যে ভাৰত চৰকাৰে সীমান্তৰ যোগাযোগ আন্তঃগাঁঠনিৰ নিৰ্মাণৰ বাবে Special Accelerated Road Development Programme ( SARDP) আঁচনিৰ দ্বাৰা অৰুণাচলৰ চীন সীমান্ত,ম্যানমাৰ স্পৰ্শ কৰি থকা মিজোৰাম,মণিপুৰ আৰু নগালেণ্ডৰ সীমান্তত 6500 কিলোমিটাৰ পথ নিৰ্মাণৰ কাম আগবঢ়াই আনিছে ।
উল্লেখনীয় যে অসমৰ মুলত উজনি অসমৰ জিলা কেইখন ক্ৰমে তিনিচুকীয়া,ডিব্ৰুগড়,ধেমাজি,লখিমপুৰ আৰু শোণিতপুৰ জিলাক ভাৰতীয় সেনাৰ সামৰিক ঘাটি হিচাপে চিহ্নিত কৰা হৈছে। স্বাভাৱিকতেই এই কাম হৈছে চীনৰ সাম্ভাৱ্য আক্ৰমণ প্ৰতিহত কৰাৰ বাবেই । উল্লেখ কৰাটো নিস্প্ৰয়োজন যে 1962 চনত সংঘটিত চীনৰ আক্ৰমণ আৰু ভাৰতে সন্মুখীন হোৱা দুৰ্ভাগ্যজনক সময়ৰ ইতিহাসৰ এই অঞ্চলৰ সাধাৰণ জনতা প্ৰত্যক্ষ সাক্ষী হৈ আছে আজিও ।
ভাৰত আৰু চীনত মাজৰ মুঠ 3488 কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তৰাষ্ট্ৰীয় সীমান্তৰ এক গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু সংঘাত জৰ্জৰিত অংশ সংযোজিত হৈ আছে উত্তৰ পূৰ্বাঞ্চলৰ লগত। আপাততঃ এই সীমান্ত অঞ্চল অৰুনাচল প্ৰদেশৰ স্পৰ্শ কৰি থাকিলেও ই সামগ্ৰিক ভাৱে উত্তৰ পূৰ্বাঞ্চলৰ ভৌগোলিক অৱস্থিতিৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত। আনহাতে,মিজোৰাম,মণিপুৰ,নগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ মুঠ 1640 কিলোমিটাৰ আন্তৰাষ্ট্ৰীয় সীমা আছে ম্যানমাৰৰ সৈতে। লক্ষণীয়ভাৱে আজিৰে পৰা কেইবছৰ মানৰ আগলৈকে ম্যানমাৰৰ এই সীমা অঞ্চলত চীনা শক্তিয়ে বিশেষ আধিপত্য দেখুৱাবলৈ সক্ষম হৈছিল । কিন্তু শেহতীয়া দশকটোত এনে প্ৰেক্ষাপটৰ সলনি হৈছে । ম্যানমাৰৰ সৈতে ভাৰতৰ সম্পৰ্ক উন্নত হৈছে।
লগতে চাওকঃ কৰ্ম দক্ষতাঃ একে সময়তে দুটাকৈ পদ চম্ভালিছে এগৰাকী চৰকাৰী বিষয়াই