সমগ্ৰ বিশ্বই কোভিড১৯(Covid-19)ৰ লগত যুদ্ধ কৰি থকাৰ সময়তে ভাৰত আৰু ইণ্ডোনেছিয়াই দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত যোৱা কিছু সপ্তাহত দেখা দিয়া বিসংগতিক ঠিক-ঠাক কৰিবলৈ আশা কৰিছে।
দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষ, যত প্ৰায় ৫০ জন মানুহৰ প্ৰাণহানি হ'ল, এই সম্পৰ্কে কিছু আলোচনা কৰিবলৈ জাকাৰ্টাৰ ভাৰতীয় কূটনীতিবিদ প্ৰদীপ কুমাৰ ৰাৱাটক ইণ্ডোনেছিয়ান বৈদেশিক মন্ত্ৰণালয়ৰ দ্বাৰা মতা হ'ল । যোৱা দুই সপ্তাহত জাকাৰ্টাত থকা ভাৰতীয় দূতাৱাস, আৰু মেদানত থকা ভাৰতীয় কনচুলেটৰ বাহিৰত বিভিন্ন ইছলামিক সংস্থা যেনে এফ পি আয়, জি এন পি এফ আৰু পি এ ২১২ ৰ দ্বাৰা হোৱা প্ৰতিবাদবোৰ ইণ্ডোনেছিয়াইয়ো প্ৰত্যক্ষ কৰিলে । পূৰ্বতেই এই তিনি সংস্থাৰ অধ্যক্ষৰ দ্বাৰা স্বাক্ষৰিত এক প্ৰেছ বিবৃতিত কোৱা হৈছিল,"ভাৰতবৰ্ষৰ চৰকাৰক নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ কোৱা উচিত, যিয়ে ভাৰতীয় মুছলিমৰ ওপৰত বিভিন্ন কাৰ্য কৰিবলৈ হিন্দু উগ্ৰবাদী সংগঠনবোৰৰ এক আহিলা হিচাপে কাম কৰিব ।
অৱশ্যে ইণ্ডোনেছিয়ান সুত্ৰই এই কথা স্পষ্ট কৰিছে যে ভাৰতীয় দূতক বাৰ্তা প্ৰেৰণ কৰিবলৈহে মতা হৈছিল, আৰু জাকাৰ্টাই বিশ্বাস কৰে যে ভাৰতে নিজৰ আভ্যন্তৰীণ বিষয়বোৰৰ লগত মোকাবিলা কৰিব পাৰিব । ইণ্ডোনেছিয়ান অফিচিয়েলৰ উদ্ধৃতি,"অসামৰিক সামাজিক সংস্থাসমূহৰ কিছু বাৰ্তা আছে, আৰু এইসমূহ বাৰ্তা ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে । মানুহৰ বিভিন্ন চিন্তা আছে, কিন্তু ইণ্ডোনেছিয়ান চৰকাৰ এই চিন্তাসমূহক আঁতৰ কৰিব পাৰিব বুলি সম্পূৰ্ণ বিশ্বাসী কাৰণ আমি দুয়োখন দেশ বহুত্ববাদী আৰু গণতান্ত্ৰিক দেশ"। বিগত সময়ছোৱাত হৈ থকা কা আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভীয় প্ৰতিবাদসমূহ, দিল্লীৰ সংঘৰ্ষত হোৱা প্ৰাণহানি, আটাইবোৰৰ মাজত সোঁপন্থী এচামৰ হাতত বেয়াকৈ প্ৰহৃত মহম্মদ জুবাইৰে ইণ্ডোনেছিয়ান কূটনীতিবিদৰ উৎপ্ৰেৰক হিচাপে কাম কৰিলে । বিভিন্ন উৎসসমূহ আশাবাদী যে সোনকালে জাকাৰ্টাত প্ৰতিবাদ স্তিমিত হ'ব ।
যোৱা শুকুৰবাৰে ১১০০ আৰক্ষী ভাৰতীয় দূতাৱাসৰ বাহিৰত মোতায়েন কৰা হ'ল, পেলেস্তাইন ইচ্ছুৰ কাৰণে বিগত সময়ছোৱাত আমেৰিকান দূতাৱাসে যিমান প্ৰতিবাদৰ সন্মুখীন হৈছে, তাৰ বাহিৰে বৈদেশিক ৰাষ্ট্ৰ এখনৰ কাৰণে গ্ৰহন কৰা এয়া অভূতপুৰ্ব সুৰক্ষা ব্যবস্থা অবলম্বন । লগতে এয়াও আশা কৰা হৈছে যে নতুন দিল্লীয়ে ইণ্ডোনেছিয়াৰ অন্তৰ্গত বিভিন্ন গুৰুত্বপূৰ্ণ ইছলামিক সংস্থা যেনে এম ইউ আই, যিয়ে অৱশ্যে এতিয়ালৈকে ভাৰতীয় সংখ্যালঘূসকলৰ বিষয়সমূহৰ কাৰণে ৰাস্তালৈ ওলাই অহা নাই, আলোচনাত মিলিত হ'ব । অৱশ্যে এম ইউ আইয়ে শেহতীয়াকৈ এক বক্তব্যত ৰাষ্ট্ৰসংঘৰ সত্য অনুসন্ধানকাৰী দল এটাক ভাৰতবৰ্ষলৈ প্ৰেৰণ কৰাৰ কাৰণে অনুৰোধ জনোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় নীতি আৰু সন্মিলনৰ লগত সংগতি ৰাখি সংখ্যালঘূসকলৰ কাৰণে ব্যৱস্থা গ্ৰহণৰ কথা কৈছে । এই মন্তব্যত 'কা'ক বৈষম্যমূলক বুলি কোৱাৰ লগতে ভাৰত চৰকাৰক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংকল্পক মানি চলিবলৈ জনাইছে ।