অসম

assam

By

Published : Jul 25, 2019, 7:12 PM IST

ETV Bharat / bharat

কুলভূষণ যাদৱক লৈ কি ক'লে বৈদেশিক মন্ত্ৰালয়ে !

আন্তঃৰাষ্ট্ৰীয় আদালতৰ নিৰ্দেশৰ পিচতেই ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে কুলভূষণ যাদৱ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিছে ৷

কুলভূষণ যাদৱ

নিউজ ডেস্ক, 25 জুলাইঃ আন্তঃৰাষ্ট্ৰীয় আদালতে দিয়া নিৰ্দেশনাৰ পিচতেই ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে সংবাদমেলযোগে কুলভূষণ যাদৱ সন্দৰ্ভত স্থিতি স্পষ্ট কৰি দিছে ৷ পাকিস্তানত দিয়া নিৰ্দেশনা অনুসৰি ভাৰতে এগৰাকী কাউন্সেলৰ নিযুক্তি দিয়াৰ কথা স্পষ্ট কৰি দিছে মন্ত্ৰালয়ে ৷ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এই সন্দৰ্ভত পাকিস্তানৰ সৈতে সম্পৰ্কত আছে বুলি সংবাদমেলত উল্লেখ কৰে মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰভীছ কুমাৰে ৷

উল্লেখ্য যে, বিগত 17 জুলাইত আন্তঃৰাষ্ট্ৰীয় আদালতে কুলভূষণ যাদৱৰ মৃত্যুৰ আদেশ স্থগিত ৰাখিবলৈ পাকিস্তান চৰকাৰক নিৰ্দেশনা প্ৰদান কৰে ৷ পাকিস্তানে ভিয়েনা সন্মিলনৰ বিধি ভংগ কৰা বুলি উল্লেখ কৰি ভাৰতীয় নৌ-সেনা বিষয়াগৰাকীৰ বাবে এগৰাকী কাউন্সেলৰ নিযুক্ত কৰিবলৈ নিৰ্দেশনা দিছিল আন্তঃৰাষ্ট্ৰীয় আদালতে ৷

কুলভূষণ যাদৱক লৈ কি ক'লে বৈদেশিক মন্ত্ৰালয়ে !

ABOUT THE AUTHOR

...view details