নেচনেল ডেস্ক, 18 ডিচেম্বৰ: গ্ল'ৱেল মেডিকেল জাৰ্ণেল বিএমজে (BMJ) ৰ দ্বাৰা চলোৱা অধ্যয়ণত এই কথা প্ৰকাশ পাইছে যে বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় এক চতুৰ্থাংশই 2022 চনলৈকে ক'ভিড -19 ৰ প্ৰতিষেধক লাভ কৰিব নোৱাৰিব ৷ গ্ল'ৱেল মেডিকেল জাৰ্ণেলখনৰ এই দাবীৰ পৰিৱৰ্তে ইটিভি ভাৰতৰ সৈতে হোৱা এক আচুতীয়া সাক্ষাৎকাৰত মৌলানা আজাদ চিকিৎসা মহাবিদ্যালয়ৰ ডাইৰেক্টৰ জেনেৰেল ড৹ শীতল গাৰ্গে কয় যে ভাৰতত ক'ভিড প্ৰতিষেধকৰ উপলব্ধতা সুনিশ্চিত কৰাৰ বাবে দেশখন এতিয়াও এক সুৰক্ষিত অৱস্থাত আছে ৷
গাৰ্গে উল্লেখ কৰে যে উন্নয়নশীল দেশসমূহে ইতিমধ্যে Pfizer প্ৰতিষেধক লাভ কৰিছে আৰু কিছুসংখ্যক ৰাষ্ট্ৰই চীনা প্ৰতিষেধকো লাভ কৰিবলৈ সক্ষম হৈছে ৷
তেওঁ লগতে কয় যে ভাৰতৰ বহুকেইটা ক'ভিড-19 প্ৰতিষেধকৰ প্ৰস্তুতি প্ৰক্ৰিয়া যথেষ্ট আগবাঢ়ি আছে ৷ চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ ক'ভিশ্বিল্ডে ইতিমধ্যে বিদেশত পৰীক্ষণ সফলভাৱে সম্পন্ন কৰিছে আৰু অতি সোনকালেই জৰুৰীকালীন প্ৰয়োগৰ কৰ্তৃত্ব লাভ কৰাৰ সম্ভাৱনা আছে ৷ ভাৰত বায়'টেকৰ ক'ভেক্সিনো পৰীক্ষণৰ তৃতীয় পৰ্যায়ত আছে ৷ ক'ভেক্সিনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণ সফলভাৱে সম্পন্ন হৈছে ৷