অসম

assam

ETV Bharat / bharat

আমেৰিকাই কাৰেন্সি মনিটৰিং লিষ্টত অন্তৰ্ভুক্ত কৰিলে ভাৰতৰ নাম - কাৰেন্সি

কাৰেন্সি মনিটৰিং লিষ্টত ভাৰতক অন্তৰ্ভুক্ত কৰিলে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চৰকাৰে । বিশেষজ্ঞৰ মতে, ই বণ্ড বজাৰক সহায় কৰিব । কিয়নো, বিনিময় দৰ প্ৰৱন্ধন সন্দৰ্ভত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া সতৰ্ক হৈ থাকিব ।

আমেৰিকাই কাৰেন্সি মনিটৰিং লিষ্টত অন্তৰ্ভুক্ত কৰিলে ভাৰতৰ নাম
আমেৰিকাই কাৰেন্সি মনিটৰিং লিষ্টত অন্তৰ্ভুক্ত কৰিলে ভাৰতৰ নাম

By

Published : Dec 18, 2020, 3:10 PM IST

নেশ্যনেল ডেস্ক, ১৮ ডিচেম্বৰ: আমেৰিকাৰ কোষাগাৰ বিভাগে শেহতীয়াভাৱে ভাৰত, টাইৱান আৰু থাইলেণ্ডৰ নাম মুদ্ৰাৰ মেনিপুলেছন কৰা সন্দৰ্ভত নজৰ ৰখাৰ বাবে প্ৰস্তুত কৰা পৰ্যবেক্ষণ তালিকাত সন্নিৱিষ্ট কৰিছে । এবাৰ পৰ্যবেক্ষণ তালিকাত কোনো দেশৰ নাম অন্তৰ্ভুক্ত হ'লে অতি কমেও দুটা দুবাৰ নতুন প্ৰতিবেদন প্ৰস্তুত নকৰালৈকে সেই দেশ অৰ্থ ব্যৱস্থা তালিকাভুক্ত হৈ থাকিব অৰ্থাত্‍ অৰ্থব্যৱস্থাৰ নিৰীক্ষণ কৰা হ'ব ।

আমেৰিকা ভাৰতৰ দ্বিতীয় বৃহত্‍ বাণিজ্য অংশীদাৰ হোৱাৰ পিছতো ভাৰতক এই তালিকাৰ অন্তৰ্ভুক্ত কৰা বিষয়টোৱে স্বাভাৱিকতে উদ্বেগ বৃদ্ধি কৰিছে । এতিয়া এই প্ৰশ্নও আহিছে যে, কাৰেন্সি মনিটৰিং লিষ্ট আচলতে কি আৰু এই তালিকাত অন্তৰ্ভুক্ত হোৱাৰ পিছত ভাৰতৰ অৰ্থনীতিত কি প্ৰভাৱ পৰিব ? কাৰেন্সি মনিটৰিং লিষ্ট সন্দৰ্ভত আমেৰিকাৰ কোষাগাৰ বিভাগে প্ৰকাশ কৰা প্ৰতিবেদনত কোৱা হৈছে যে, মুদ্ৰা মেনিপুলেটৰ হৈছে মাৰ্কিন চৰকাৰৰ বাণিজ্য অংশীদাৰ যিয়ে আমেৰিকাৰ পৰা অনুচিত প্ৰতিযোগিতামূলক সুবিধা গ্ৰহণৰ বাবে বিনিময় দৰ নিজৰ ইচ্ছামতে নীতি বহিৰ্ভূতভাৱে বৃদ্ধি কৰে ।

মুদ্ৰা মেনিপুলেটৰ বিদেশী মুদ্ৰা বিনিয়োগ বজাৰত হস্তক্ষেপ কৰি ধাৰাবাহিকভাৱে এক-পক্ষীয়ভাৱে সঞ্চালন কৰে যি, ট্ৰেড ফেচিলিটেছন এণ্ড ট্ৰেড ইনফৰমেছন এক্ট ২০১৫ত উল্লেখ থকা কোষাগাৰ মানতকৈ অধিক হয় । পৰ্যবেক্ষণ তালিকাত কোনো দেশক অন্তৰ্ভুক্ত কৰিবলৈ কেতবোৰ নিৰ্দেশনা জাৰি কৰা হৈছে । যদি কোনো অৰ্থব্যৱস্থা অথবা বাণিজ্য অংশীদাৰে নিম্নলিখিত দুটা বা তিনিটা চৰ্ত পূৰণ কৰে, তেন্তে সেই দেশখন পৰ্যবেক্ষণ তালিকাভুক্ত হ'ব ।

১) ১২ মাহৰো কম সময়ৰ ভিতৰত আমেৰিকাৰ সৈতে দ্বি-পাক্ষিক বাণিজ্য অতিৰিক্তভাৱে অতি কমেও ২০ বিলিয়ন মাৰ্কিন ডলাৰ হ'লে ।

২) বৰ্তমানৰ একাউণ্ট ছাৰপ্লাছ ১২ মাহৰ ভিতৰত জিডিপিৰ অতি কমেও ২ শতাংশ হ'ব লাগিব ।

৩) ধাৰাবাহিকভাৱে, এক-পক্ষীয়ভাৱে হস্তক্ষেপ তেতিয়া হ'ব যেতিয়া বিদেশী মুদ্ৰাৰ শুদ্ধ ক্ৰয় ১২ মাহত অতি কমেও ৬ বাৰ হয় আৰু এই শুদ্ধ ক্ৰয় ১২ মাহৰ ভিতৰত জিডিপিৰ অতি কমেও ২ শতাংশ হয় । প্ৰতিবেদনখনত উল্লেখ থকা মতে, ভাৰতে ওপৰত উল্লেখ কৰা প্ৰথম আৰু তৃতীয় চৰ্ত পূৰণ কৰিছে ।

ভাৰতৰ উপৰিও নতুনকৈ এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে চীন, জাপান, কোৰিয়া, জাৰ্মানী, ইটালী, ছিংগাপুৰ, মালয়েছিয়া, টাইৱান আৰু থাইলেণ্ডক । অৱশ্যে, মনিটৰিং লিষ্টত আন ৯ খন দেশৰ সৈতে ভাৰতৰ নাম অন্তৰ্ভুক্ত কৰিলেও এই পৰ্যন্ত ভাৰতক কোনো জৰিমনা বিহা নাই । যি কি নহওক, আমেৰিকা বিশ্বৰ বৃহত্ অৰ্থব্যৱস্থা থকা দেশে ভাৰতক এই তালিকাৰ অন্তৰ্ভুক্ত কৰা কাৰ্যই ভাৰতৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা বিশ্বৰ আন ট্ৰেডাৰসকলৰ বিশ্বাসত কিছু পৰিমাণে প্ৰভাৱ পেলাব । ইয়াৰ পূৰ্বে ২০১৮ চনত ভাৰতক এই তালিকাৰ অন্তৰ্ভুক্ত কৰা হৈছিল যদিও ২০১৯ চনত এই তালিকাৰ পৰা আঁতৰোৱা হয় ।

লগত পঢ়ক:মুম্বাই আৰক্ষীৰ ‘ঔপনিৱেশিক আইন’ক প্ৰত্যাহ্বান ৰিপাব্লিক টিভিৰ স্বত্বাধিকাৰীৰ

ABOUT THE AUTHOR

...view details