নিউজ ডেস্ক, ৭ এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ সংহাৰি ৰূপে ভাৰতৰ অৰ্থনীতিৰ লগতে নিয়োগ প্ৰক্ৰিয়াটো বাৰুকৈ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে । খুচুৰা প্ৰতিষ্ঠানৰ ক্ষেত্ৰত ৫০ শতাংশ নিয়োগৰ কাৰ্যকলাপ হ্ৰাস পোৱাৰ বিপৰীতে মাৰ্চ মাহত ভাৰতত নিয়োগৰ কাৰ্যকলাপত ১৮ শতাংশ হ্ৰাস দেখা পোৱা যায় । আটাইতকৈ বেছি প্ৰভাৱিত হৈছে দিল্লী-এনছিআৰ ।
বিগত বছৰৰ মাৰ্চ মাহৰ তুলনাত এইবাৰ ট্ৰেভেল, এয়াৰ লাইনছ, হস্পিটেলিটি, খুচুৰা উদোগত ৫৬ শতাংশৰ হ্ৰাস দেখা পোৱা গৈছে । মঙলবাৰে এই কথা উল্লেখ কৰে চাকৰী নিয়োগ পৰ্টেল Naukri.com য়ে ।
Naukri Job Speak Index for March 2020ৰ মতে খুচুৰা উদ্য়োগ প্ৰতিষ্ঠানত ৫০ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে এটো/এঞ্চিলেৰীত ৩৮ শতাংশ, ফাৰ্মা ২৬ শতাংশ, বীমা ১১ শতাংশ, একাউণ্টিং আৰু ফাইনেঞ্চ ১০ শতাংশ, IT ছফ্টৱেৰ ৯শতাংশ, আৰু বিএফএছআইত৯ শতাংশই হ্ৰাস দেখা দিছে ।