নেশ্যনেল ডেস্ক, 2 মে' : ভাৰতৰ অৰ্থনৈতিক ভেঁটি সুদৃঢ় আৰু চীনৰ পৰা বহুজাতিক সংস্থাসমূহক আকৰ্ষিত কৰিব পৰা ভাৰতৰ সামৰ্থ্য আছে বুলি মন্তব্য কৰিছে তথ্য় আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভাড়েকাৰে ৷ তেওঁ কয়, "এয়া ভাৰতৰ বাবে এক ডাঙৰ সুযোগ, এই সুযোগ গ্ৰহণ কৰিবৰ বাবে আমি যৎপৰোনাস্তি চেষ্টা কৰা উচিত ৷ সকলো বৃহৎ কোম্পানীকে আদৰণি জনোৱা হৈছে ৷ বৰ্তমান ভাৰতত প্ৰায় 150 টা ঘৰুৱা ম'বাইল নিৰ্মাণকাৰী সংস্থা আছে ৷"
জাভাড়েকাৰে কয়, "প্ৰতিটো PPE কীট আৰু ভেন্টিলেটৰ ভাৰততে নিৰ্মাণ কৰা হৈছে ৷ ভাৰতত বৃহৎ ঘৰুৱা বজাৰ আছে ৷ লকডাউন অন্ত পৰাৰ লগে লগে সকলো কোম্পানীৰ কাম আৰম্ভ হ'ব ৷ ভাৰতীয় অৰ্থনীতিৰ আন্তঃগাঁথনি সুদৃঢ় ৷"