নিউজ ডেস্ক, 24 আগষ্টঃ দীৰ্ঘদিন ধৰি লাডাখৰ LAC স্থিত ভাৰত-চীন মাজত হৈ অহা সীমা বিবাদকলৈ সোমবাৰে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ভাৰতীয় সেনা বাহিনীৰ মুখ্য সেনাধক্ষ্য বিপিন ৰাৱাটে ৷ সীমা বিবাদকলৈ কোনো ধৰণৰ ব্যৱস্থা নাথাকিলে লাডাখত "সামৰিক বিকল্প"ৰ কথা চিন্তা কৰিব বুলি মত প্ৰকাশ কৰে সেনা প্ৰমুখ গৰাকীয়ে ৷
সোমবাৰে এটি সাক্ষাৎকাৰত ৰাৱাটে কয় যে, ভাৰত-চীনৰ মাজত চলি অহা সীমা বিবাদৰ সমস্যা সমাধান কৰিবলৈ ইতিমধ্যে সকলো স্তৰৰ কথাবাৰ্তা তথা আলোচনা কৰা হৈছে ৷ যদি এই সকলো বিফল হয় তেন্তে এই সমস্যা সমাধান কৰিবলৈ সেনা বাহিনী সকলো ফালৰ পৰা সাজু হৈ আছে ৷ চীনৰ সৈতে ভাৰতীয় সেনা আৰু ৰাজনৈতিক স্তৰৰ বাৰ্তালাপ বিফল হ'লে এই "সামৰিক বিকল্প" ব্যৱহাৰ কৰিব বুলি মত প্ৰকাশ কৰাৰ বিপৰীতে ভাৰত চৰকাৰে এই সমস্যা শান্তিপূৰ্ণ পদ্ধতিৰে সমাধান কৰিব বিচাৰে বুলিও মত প্ৰকাশ কৰে বিপিট ৰাৱাটে ৷