দিল্লী, 7 মে': বিগত পাঁচ বছৰত 1,20,000 হেক্টৰতকৈও অধিক বনাঞ্চল হেৰুৱাবলগীয়া হৈছে ভাৰতে ৷ নাছাৰ উপগ্ৰহৰ সূত্ৰৰ পৰা মেৰীলেণ্ড বিশ্ববিদ্যালয়ে চলোৱা এক সমীক্ষাত পোহৰলৈ আহিছে এই কথা ৷ আমেৰিকাস্থিত ৱল্ড ৰিছ'ৰ্ছ ইনষ্টিটিউট চমুকৈ (WRI)ৰ অধীনত গ্ল'বেল ফৰেষ্ট ৱাটছে প্ৰকাশ কৰিছে এই তথ্য ৷
কোন দিশে ৰাজ্যৰ বনাঞ্চলৰ ভৱিষ্যৎ ! - India has lost more than 1,20,000 hectares of primary forests land
5 বছৰত 1,20,000 হেক্টৰতকৈও অধিক বনাঞ্চল হেৰুৱাইছে ভাৰতে ৷ ৱল্ড ৰিচ'ৰ্ছ ইনষ্টিটিউটৰ তথ্য প্ৰকাশ ভয়ংকৰ তথ্য ৷
তথ্য অনুসৰি, 2009ৰ পৰা 2013 বৰ্ষৰ ভিতৰত ধ্বংস হোৱা বনাঞ্চলতকৈ এই বৰ্ষত ধ্বংস হোৱা বনাঞ্চলৰ পৰিমাণ 36 শতাংশ বেছি ৷ 2014ৰ পৰা 2018 বৰ্ষৰ ভিতৰত ধবংস হোৱা বনাঞ্চলৰ পৰিমাণ আছিল 1,22,748 হেক্টৰ ৷ গুৰুত্বপূৰ্ণ যে, বিলুপ্ত হৈ যোৱা এই বনাঞ্চলৰ বাবে অধিক ক্ষতিগ্ৰস্ত হৈছে উত্তৰ-পূৱৰ ৰাজ্য নাগালেণ্ড,মেঘালয়, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা ৷
আনহাতে,আন বৰ্ষবোৰতকৈ এইবাৰ অধিক বনাঞ্চল হেৰুৱাবলগীয়া হোৱাৰ পিচতো চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে সাংসদ নৱ শৰণীয়াই ৷ আনহাতে, বনাঞ্চল সংৰক্ষণৰ হকে মাত মাতি অহা সাংসদগৰাকীয়ে চৰকাৰক এই ক্ষতিৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনায়৷