অসম

assam

প্ৰথমখন ত্ৰিদেশীয় বৈঠকত মিলিত হ'ব ভাৰত, ফ্ৰান্স, অষ্ট্ৰেলিয়া

By

Published : Sep 10, 2020, 6:27 AM IST

বুধবাৰে ভাৰত, অষ্ট্ৰেলিয়া আৰু ফ্ৰান্সে প্ৰথমখন ত্ৰিদেশীয় বৈঠকত মিলিত হয় ৷ ইণ্ডো-পেচিফিকৰ উন্নয়নৰ বাবে সহযোগিতা বৃদ্ধি কৰাৰ লক্ষ্যৰে আয়োজন কৰা হয় এই ত্ৰিদেশীয় বৈঠকৰ ৷

ইণ্ডো-পেচিফিকৰ উন্নয়নৰ বাবে সহযোগিতা বৃদ্ধি
প্ৰথমখন ত্ৰিদেশীয় বৈঠকত মিলিত হ'ব ভাৰত, ফ্ৰান্স, অষ্ট্ৰেলিয়া

ইন্টাৰনেশ্যনেল ডেস্ক, 10 ছেপ্তেম্বৰ : বুধবাৰে ভাৰত, অষ্ট্ৰেলিয়া আৰু ফ্ৰান্সে প্ৰথমখন ত্ৰিদেশীয় বৈঠকত মিলিত হয় ৷ ইণ্ডো-পেচিফিকৰ উন্নয়নৰ বাবে সহযোগিতা বৃদ্ধি কৰাৰ লক্ষ্যৰে আয়োজন কৰা হয় এই ত্ৰিদেশীয় বৈঠকৰ ৷ ইণ্ডো-পেচিফিকত চীনা সৈন্যৰ যুদ্ধংদেহী কাৰ্যকলাপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই বৈঠকৰ জৰিয়তে তিনিও দেশে সহযোগিতা বৃদ্ধি কৰাৰ ওপৰত দৃষ্টি আৰোপ কৰিছে ৷

এই ভাৰ্চুৱেল বৈঠকত সহ-অধ্যক্ষতা কৰে বৈদেশিক সচিব হৰ্ষবৰ্ধন ছিংগালা, ইউৰোপৰ ফ্ৰান্স মন্ত্ৰণালয়ৰ সাধাৰণ সচিব আৰু বৈদেশিক মন্ত্ৰী ফ্ৰাংকইছ দিলাট্ৰে আৰু ফ্ৰান্সৰ বৈদেশিক বিভাগৰ অষ্ট্ৰেলিয়ান সচিব আদামছনে ৷

বৈদেশিক মন্ত্ৰণালয়ৰ এক বিবৃতি অনুসৰি, ইণ্ডো-পেচিফিক অঞ্চলত সহযোগিতা বৃদ্ধিয়ে হৈছে বৈঠকৰ মূল উদ্দেশ্য ৷ ইয়াৰ জৰিয়তে অঞ্চলটোক শান্তিপূৰ্ণ, সুৰক্ষিত, সফল আৰু নিয়মানুৱৰ্তী কৰি গঢ়ি তোলাৰ চেষ্টা কৰা হ'ব ৷

বৈদেশিক মন্ত্ৰণালয়ে জানিবলৈ দিয়ে যে, প্ৰতি বছৰে তিনিও পক্ষই এনেদৰে বৈঠকৰ আয়োজন কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে ৷ বৈঠকত তেওঁলোকে অৰ্থনীতি, বিভিন্ন প্ৰত্যাহ্বান আৰু ক'ভিড-19 ৰ প্ৰভাৱ আদি সম্পৰ্কত বাৰ্তালাপ কৰে ৷

ABOUT THE AUTHOR

...view details