নিউজ ডেস্ক, ৬ এপ্ৰিলঃ দেশৰ অৰ্থনৈতিক সংকটৰ প্ৰতি চিন্তা ব্যক্ত কৰিছে প্ৰাক্তন ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ৰঘুৰাম ৰাজনে । স্বাধীনতাৰ পাচত ভাৰত বৃহৎ অৰ্থনৈতিক জৰুৰীকালিন অৱস্থাৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰে বিষয়াগৰাকীয়ে । লিংক্ডইনৰ এটা নোটত প্ৰাক্তন গৱৰ্ণৰগৰাকীয়ে উল্লেখ কৰে, স্বাধীনতা লাভ কৰাৰ পাচত অৰ্থনৈতিক ভাৱে এক জৰুৰীকালিন সমস্যাৰ সন্মুখীন হৈছে ভাৰত । ২০০৮-০৯ বৰ্ষতো বিশ্বব্যাপী আৰ্থিক সংকটে দেখা দিছিল । কিন্তু ততিয়া আমাৰ কৰ্মীসকল কাম কৰিবলৈ যাব পাৰিছিল । আগন্তুক বছৰৰ সমূহত সংস্থা সমূহৰ উত্থান হ'বলৈ ধৰিছিল । অৰ্থনৈতিক ব্যৱস্থ্যাটো বহু পৰিমাণে সুঠাম আৰু চৰকাৰৰ বিত্তীয় ব্যৱস্থাটো শক্তিশালী আছিল । কিন্তু আজি তাৰিখত এইটো ভ্ৰান্ত, কিয়নো আমি কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজি আছো ।
অৱশ্য নিৰাশ অথবা হতাশ হ'বলগীয়া প্ৰয়োজন নাই, সঠিক সিদ্ধান্ত আৰু প্ৰাথমিকতাৰ ওপৰত গুৰুত্ব দিলে ভাৰতবৰ্ষত বহু উৎস আছে আৰু এই ভাইৰাছক পৰাভূত কৰিবলৈ পৰা যাব বুলি উল্লেখ কৰে ৰাজনে । লগতে দেওবাৰৰ মঞ্চই অধিক আশা জগাই তুলিছে বুলিও কয় ।