অসম

assam

ETV Bharat / bharat

হ্ৰাস পাইছে ভাৰতৰ গনতন্ত্ৰৰ মৰ্যাদাঃ এক প্ৰতিবেদন - 52 সংখ্যক স্থানত ভাৰত

বাৰ্ষিক গণতন্ত্ৰ সূচকাংকত অৱনমিত হ'ল ভাৰত ৷ 10 টাকৈ স্থান অৱনমিত হৈ 52 সংখ্যক স্থান অধিকাৰ কৰিলে ভাৰতে ৷

10 টা স্থান অৱনমিত ভাৰত
বাৰ্ষিক গণতন্ত্ৰ সূচকাংক

By

Published : Jan 23, 2020, 7:48 PM IST

নেশ্যনেল ডেস্ক, 23 জানুৱাৰী :বাৰ্ষিক গণতন্ত্ৰ সূচকাংক, 2019 ত 10 টাকৈ স্থান অৱনমিত হৈ 52 সংখ্যক স্থান অধিকাৰ কৰিলে ভাৰতে ৷ The Economist Intelligence Unit ৰ মতে, 'নাগৰিকৰ স্বতন্ত্ৰতা' খৰ্ব হোৱাৰ পৰিপেক্ষিতত দেশৰ সূচকাংক এনেদৰে অৱনমিত হ'ল ৷

ভাৰতৰ সামগ্ৰিক নম্বৰ 2018 বৰ্ষৰ 7.23 ৰ পৰিৱৰ্তে 6.90 লৈ অৱনমিত হ'ল ৷ সৰ্বমুঠ 165 স্বাধীন ৰাষ্ট্ৰ আৰু দুই কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাৰ্ষিক গণতন্ত্ৰ সূচকাংক প্ৰকাশ কৰাত এই তথ্য ফাদিল হয় ৷ উল্লেখ্য যে, পাঁচটা সূচীৰ ওপৰত ভিত্তি কৰি এই সূচকাংক প্ৰকাশ কৰা হয়- নিৰ্বাচনী প্ৰক্ৰিয়া আৰু বহুবাদ, চৰকাৰৰ কাৰ্য প্ৰণালী, ৰাজনৈতিক অংশগ্ৰহণ, ৰাজনৈতিক সংস্কৃতি আৰু নাগৰিকৰ স্বতন্ত্ৰতা ৷

দেশসমূহক চাৰি প্ৰকাৰৰ শাসন প্ৰক্ৰিয়াৰ ভিত্তিত বিভক্ত কৰা হৈছে - 'পূৰ্ণ গণতন্ত্ৰ'(8 তকৈ অধিক নম্বৰপ্ৰাপ্ত), ক্ৰটিপূৰ্ণ গণতন্ত্ৰ (6 তকৈ বেছি কিন্তু 8 তকৈ কম নম্বৰপ্ৰাপ্ত), অমাৰ্জিত শাসন (4 তকৈ বেছি কিন্তু 6 তকৈ কম) আৰু স্বেচ্ছাচাৰী শাসন (4 অথবা 4 তকৈ কম) ৷ এই প্ৰকাৰ অনুসৰি, ভাৰতক 'ক্ৰটিপূৰ্ণ গণতন্ত্ৰ'ত অন্তৰ্ভূক্ত কৰা হৈছে ৷ আনহাতে, এছিয়া আৰু অষ্ট্ৰেলিয়াৰ দেশসমূহৰ ভিতৰত ভাৰতে অষ্টম স্থান অধিকাৰ কৰিলেও তিমোৰ লেষ্টে, মালয়েছিয়া আৰু টাইৱানতকৈও পাচত স্থান লাভ কৰিছে ৷

বাৰ্ষিক গণতন্ত্ৰ সূচকাংক

2018 চনত ভাৰতে 42 সংখ্যক স্থান দখল কৰাৰ পৰিৱৰ্তে 2017 চনত 32 সংখ্যক স্থান দখল কৰিছিল ৷ আনহাতে, 3.11 নম্বৰে সংগ্ৰহেৰে ৰাছিয়াই 134 সংখ্যক স্থান লাভ কৰিছে ৷ 4.25 নম্বৰেৰে পাকিস্তানে 108 সংখ্যক, 6.27 নম্বৰেৰে শ্ৰীলংকাই 69 সংখ্যক আৰু 5.88 নম্বৰেৰে বাংলাদেশে 80 সংখ্যক স্থান দখল কৰিছে ৷

আনহাতে, এই সূচকাংকৰ শীৰ্ষ স্থান দখল কৰিছে নৰৱেই ৷ ইয়াৰ পাচতে আছে আইচলেণ্ড আৰু ছুইডেন ৷ শীৰ্ষ দহত থকা অন্য দেশসমূহ হ'ল - নিউজিলেণ্ড(চতুৰ্থ), ফিনলেণ্ড(পঞ্চম), আয়াৰলেণ্ড(ষষ্ঠ), ডেনমাৰ্ক(সপ্তম), কানাডা(অষ্টম), অষ্ট্ৰেলিয়া(নৱম) আৰু ছুইজাৰলেণ্ড(দশম) ৷

তালিকাৰ অন্তিম স্থান অৰ্থাৎ 167 সংখ্যক স্থান দখল কৰিছে উত্তৰ কোৰিয়াই ৷

আৰু পঢ়ক : আমেৰিকাক নহয়, ভাৰত, চীনকহে উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে গণ্য কৰিলে WTO এ : ট্ৰাম্প

ABOUT THE AUTHOR

...view details