অসম

assam

By

Published : Mar 23, 2020, 9:32 AM IST

ETV Bharat / bharat

কভিড-১৯ নিয়ন্ত্ৰণত ভাৰতে দেখুৱাইছে অনন্য তৎপৰতা

সমস্যাৰ আৰম্ভণিতে ইয়াৰ ভয়াৱহতা উপলব্ধি কৰা আৰু সক্ৰিয়তাৰে ব্যৱস্থা গ্ৰহণ কৰা দেশসমূহৰ ভিতৰত ভাৰতবৰ্ষ অন্যতম । অসুবিধা সত্বেও নতুন দিল্লীয়ে ১ ফেব্ৰুৱাৰীৰ পৰা চীনৰ য়ুহানৰ পৰা ভাৰতীয় নাগৰিকসকলক উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰে । ৪ ফেব্ৰুৱাৰীত চীনৰ পৰা ভাৰতলৈ প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হয় । চীনা নাগৰিকক প্ৰদান কৰা ভিছাও বাতিল কৰা হয় । এই নিষেধাজ্ঞা পৰ্যায়ক্ৰমে জাপান,দক্ষিণ কোৰিয়া,ইউৰোপ,মালয়েছিয়া,ইৰান, গাল্ফ আৰু আন দেশসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হয় । ভাৰতে এতিয়া ২২ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ আকাশী পথ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

কভিড-১৯ নিয়ন্ত্ৰণত ভাৰতে দেখুৱাইছে অনন্য তৎপৰতা
কভিড-১৯ নিয়ন্ত্ৰণত ভাৰতে দেখুৱাইছে অনন্য তৎপৰতা

১৫ বছৰীয়া কাৰ্যকালত প্ৰথমবাৰৰ বাবে পূৰ্বে নিৰ্ধাৰিত সময়সূচী নোহোৱাকৈ দেশবাসীক সম্বোধন জাৰ্মানীৰ আইৰন লেডীখ্যাত চেঞ্চেলৰ এঞ্জেলা মাৰ্কেলে কৈছিল—পৰিস্থিতি অতিকৈ গম্ভীৰ । জাৰ্মান একত্ৰীকৰণৰ পৰা দ্বিতীয় যুদ্ধৰ পাছৰে পৰা আমাৰ দেশৰ প্ৰতি এনেধৰণৰ প্ৰত্যাহ্বান অহা নাই যাৰ বাবে আমি সমূহীয়াভাৱে যুঁজিব লাগিব ।

আমি সমূহীয়াভাৱে যুঁজিব লাগিব

হয় তেওঁ‘মেড্ ইন চীন’ ক’ভিড-১৯ সংকটৰ কথা উল্লেখ কৰিছিল । ২১ মাৰ্চলৈকে জাৰ্মানীত আক্ৰান্ত লোকৰ সংখ্যা আঠিল ২২৩৬৪ । ইয়াৰ বিপৰীতে প্ৰায় সংখ্যকৰে জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল জাৰ্মানী চৰকাৰে । মাত্ৰ ৮৪ জন লোকৰ মৃত্যু হোৱা দেশখনত মৃত্যুৰ হাৰ ০.৩৭ শতাংশ । বিশ্বৰ গড় মৃত্যুৰ হাৰ ৪.২৬ শতাংশ

ইয়াৰ বিপৰীতে ইটালীয়ে দুখজনকভাৱে৪৮২৫ জন লোক হেৰুৱাইছে (৫৩৫৭৮ আক্ৰান্ত) । এয়া বিশ্বৰ ভিতৰতে সৰ্বাধিক । দেশখনত মৃত্যুৰ গড় হাৰ ৯ শতাংশ । ইটালীয়ে নকৰা কি কাম কৰিছে জাৰ্মানীয়ে ? ইয়াৰ পৰা ভাৰতে কি শিক্ষা লাভ কৰিব পাৰে ? আৰু ভাৰত এই ক্ষেত্ৰত কিমান দূৰ আগবাঢ়িছে ? এই বিষয়বোৰ আলোচনা কৰাটো প্ৰাসংগিক হৈ পৰিব ।

‘মেড্ ইন চীন’ ক’ভিড-১৯ সংকট

১৬ মাৰ্চত জেনেভাত এক সংবাদমেল সম্বোধন কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰছ এডানম ঘেৰব্ৰেছিয়াছে কৈছিল—"সকলো দেশৰ প্ৰতি আমাৰ এক সাধাৰণ বাৰ্তা আছে—সকলো সন্দেহজনক লোকৰে পৰীক্ষা কৰক । চকু মুদি তেওঁলোকে এই মহামাৰীৰ বিৰুদ্ধে যুঁজিব নোৱাৰে ।" জাৰ্মানীয়ে এই বাৰ্তাক অন্তঃকৰণেৰে গ্ৰহণ কৰিছে । আনকি মধ্যমীয়া পৰ্যায়ৰ সাধাৰণ কেছবোৰো পৰীক্ষা কৰিছে দেশখনে। ভাৰতৰ দৰে জাৰ্মানীয়েও বিদ্যালয় আৰু ৰাজহুৱা স্থানসমূহ বন্ধ ৰাখিছে, একগোট হোৱাটো নিষিদ্ধ কৰিছে আৰু সোনকালে লকডাউনকৰিব পাৰে । কিন্তু আন দেশৰ দৰেই আক্ৰান্ত লোকৰ সংখ্যা দ্ৰুতগতিৰে বৃদ্ধি পোৱাত দেশখনে যুঁজ দিব লগা হৈছে । উদাহৰণ স্বৰূপে ১০ মাৰ্চত ৩৪১ জন আক্ৰান্ত লোকৰ বিপৰীতে ২০ মাৰ্চত এই সংখ্যা হয় ৪৫২৮ । বিশেষজ্ঞসকলে এই পৰ্যায় ‘কমিউনিটী ট্ৰান্সমিছন’ বুলি কয়। এই পৰ্যায়টো কেতিয়ালৈকে অব্যাহত থাকিব তাৰ কোনো সঠিক তথ্য নাই ।

কৰ'ণাৰ কৱলত ভাৰত

সমস্যাৰ আৰম্ভণিতে ইয়াৰ ভয়াৱহতা উপলব্ধি কৰা আৰু সক্ৰিয়তাৰে ব্যৱস্থা গ্ৰহণ কৰা দেশসমূহৰ ভিতৰত ভাৰতবৰ্ষ অন্যতম । অসুবিধা সত্বেও নতুন দিল্লীয়ে ১ ফেব্ৰুৱাৰীৰ পৰা চীনৰ য়ুহানৰ পৰা ভাৰতীয় নাগৰিকসকলক উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰে । ৪ ফেব্ৰুৱাৰীত চীনৰ পৰা ভাৰতলৈ প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হয় । চীনা নাগৰিকক প্ৰদান কৰা ভিছাও বাতিল কৰা হয় । এই নিষেধাজ্ঞা পৰ্যায়ক্ৰমেজাপান,দক্ষিণ কোৰিয়া,ইউৰোপ,মালয়েছিয়া,ইৰান, গাল্ফআৰু আন দেশসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হয় । ভাৰতে এতিয়া ২২ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ আকাশী পথ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

৯ মাৰ্চৰ পৰা ভাৰতবৰ্ষৰ ১.১ বিলিয়ন ম’বাইল ফোন ব্যৱহাৰকাৰীয়ে ক’ভিড-১৯ বিয়পোৱাত বাধা দিয়াৰ বাবে চৰকাৰী স্বীকৃত এক ৰেকৰ্ডেড বাৰ্তা শুনিবলৈ লয় ।

"নিয়মীয়াকৈ আপোনাৰ হাত দুখন চাবোনেৰে ধোৱক আৰু মুখ, চকু, নাক স্পৰ্শ কৰাৰ পৰা বিৰত থাকক ।"

মহাদেশৰ আকাৰৰ সমমান আমাৰ দেশখনৰ চুকে-কোণে সজাগতা সৃষ্টি কৰা এয়া আছিল অন্যতম সফল প্ৰচাৰ অভিযান ।

​তেতিয়াৰে পৰা সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আৰু ভাইৰাছ যাতে নিবিয়পে তাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰি অহা হৈছে । ১৮ মাৰ্চত দেশবাসীক কৰা সম্বোধনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৃঢ়তা আৰু প্ৰতিৰোধৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছিল । তেওঁ অত্যধিক ভয় আৰু আত্মতুষ্টি দুয়োটাৰে বিৰুদ্ধে সতৰ্ক কৰি দিছিল । যোৱা দেওবাৰে জনতা সান্ধ্য আইন পালন কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক সম্পূৰ্ণ বা আংশিক লক ডাউনৰ বাবে প্ৰস্তুত কৰি আছে । এয়া যুদ্ধৰ পূৰ্বে কৰা সম্পূৰ্ণ এক ৰিহাৰ্চেলৰ দৰে। আৰু শত্ৰু হৈছে পৰাজিত কৰিব পৰা কিন্তু অদৃশ্য ।

সন্দেহজনক লোকসকলৰ ক’ভিড-১৯ পৰীক্ষা কৰাৰ বাবে ভাৰতবৰ্ষই তৎপৰতা দেখুৱাইছে । ২০ মাৰ্চলৈকে ১৪৫১৪ জন লোকৰ পৰীক্ষা কৰা হৈছিল, এয়া তথাপিও কমসংখ্যক । উদাহৰণ স্বৰূপে ৫১ মিলিয়ন জনসংখ্যা থকা দক্ষিণ কোৰিয়াই ৩১৬,৬৬৪ পৰীক্ষা কৰি এই ৰোগক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে । বিদেশৰ পৰা অতিৰিক্ত এক মিলিয়ন পৰীক্ষা কিট ক্ৰয় কৰা হৈছে আৰু ঘৰুৱাভাৱে এই পৰীক্ষা কিট প্ৰস্তুত কৰাৰ সক্ষমতাক গুৰুত্ব দিয়া হৈছে ।

ইয়াৰ জৰিয়তে ভাৰতবৰ্ষৰ দায়বদ্ধতা আৰু এই সংকট ঘৰুৱাভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীক প্ৰকাশ কৰে। ভাৰতবৰ্ষই নিজৰ সম্পদ আৰু সক্ষমতাক চুবুৰীয়া দেশসমূহৰ সৈতেও ভাগ কৰিবলৈ আগ্ৰহী । ১৫ টন ফেচ মাস্ক, মোজাআৰু সামগ্ৰীৰ যোগান যোৱা মাহত চীনক দিয়া হৈছিল । নতুন দিল্লীয়ে মালদ্বীপ,বাংলাদেশ আৰু ভূটানৰ পৰা লাভ কৰা অনুৰোধত সঁহাৰি জনাইছে । ১৫ মাৰ্চত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে এক ছাৰ্ক সন্মিলন অনুষ্ঠিত কৰিছিল । তাতে তেওঁ কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ এক জৰুৰীকালীন পুঁজি গঠনৰ প্ৰস্তাৱ দিছিল আৰু প্ৰাৰম্ভিক পৰ্যায়ত ১০ মিলিয়ন প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল । তেওঁৰ পৰামৰ্শমতে ছৌদি আৰৱৰ ৰজাই ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জি-২০ সন্মিলনঅনুষ্ঠিত কৰিব ।

এই মহামাৰীক প্ৰতিৰোধ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হ’ব সেয়া এতিয়াও স্পষ্ট নহয় । কিন্তু এটা কথা স্পষ্ট যে ইয়াৰ ফলত মানুহৰ লগতে বৃহৎ পৰিমাণৰ অৰ্থনৈতিক ক্ষতি হ’ব । বিশ্বৰ লগতে ভাৰতবৰ্ষই ইতিমধ্য অৰ্থনৈতিকভাৱে কঠিন সময়ৰ মুখামুখি হৈছে । এই সংকট অব্যাহত থকা সময়ৰ ওপৰত নিৰ্ভৰ কৰি বিশ্বৰ জিডিপি ০.৫ ৰ পৰা ১ শতাংশলৈকে হ্ৰাস হোৱাৰ আশংকা কৰা হৈছে । ৮৭ ট্ৰিলিয়ন ডলাৰ যদি বিশ্বৰ জি়ডিপি তেন্তে ই কমেও ৫০০ বিলিয়ন বা ১ ট্ৰিলিয়ন হ্ৰাস কৰাব । যাৰ ফলত আন এক অৰ্থনৈতিক সংকটৰ সৃষ্টি হ’ব। একে সময়তে সকলো দেশেই অৰ্থনৈতিক দিশৰ সলনি নিজৰ নাগৰিকক ৰক্ষা কৰাৰ বাবে শক্তি ব্যয় কৰি আছে,সংক্ৰমণ ৰোধৰ বাবে চেষ্টা চলাই আছে ।

এই অপ্ৰত্যাশিত সংকট নিয়ন্ত্ৰণৰ বাবে সকলো ৰাজনৈতিক মতাদৰ্শক একাষৰীয়া কৰি দেশখন একত্ৰিত হোৱাটো উৎসাহজনক। কমইউনিটী ট্ৰান্সমিছন বা তৃতীয় পৰ্যায়টোৰ পৰা হাত সাৰিবলৈ অবিৰত পৰীক্ষা আৰু সতৰ্কতা,সামাজিক দূৰত্ব আৰু প্ৰতিৰোধ অতিকৈ প্ৰয়োজন। "এই ভাইৰাছটোৰ বহুত অহংকাৰ আছে । ই আপোনাৰ ঘৰলৈ নাহে যদিহে আপুনি ওলাই গৈ তাক নিমন্ত্ৰণ নকৰে। "এইমছৰ এজন চিকিৎসকে কোৱা কথাষাৰ প্ৰাসংগিক ।

লেখক -বিষ্ণু প্ৰকাশ

লগতে জানিবলৈ চাওকঃ কৰ'ণা ভাইৰাছ : দেশৰ 75খন জিলা বন্ধ কৰাৰ সিদ্ধান্ত চৰকাৰৰ

ABOUT THE AUTHOR

...view details