নিউজ ডেস্ক, 3 জুলাই : প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (LAC) ত চীনৰ সৈতে চলি অহা সীমান্ত বিবাদৰ মাজতেই প্ৰয়োজনত অপাৰেশ্বনেল ভূমিকাৰ বাবে লাডাখৰ সীমান্তত স্পেছিয়েল ফৰ্চেছ ইউনিট মোতায়েন ভাৰতৰ ৷
চৰকাৰী তথ্য অনুসৰি, দেশৰ বিভিন্ন স্থানৰ পৰা পেৰা স্পেছিয়েল ফৰ্চেছ ইউনিট সমূহক লাডাখ ক্ষেত্ৰীয় অঞ্চলত স্থানান্তৰ কৰা হৈছে ৷ য’ত ইতিমধ্যে তেওঁলোকে নিজৰ যুদ্ধাৱাস আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷ সূত্ৰই জনোৱা মতে, স্পেছিয়েল ফৰ্চেছ ইউনিটে ইয়াৰ পূৰ্বে পাকিস্তানস্থিত সন্ত্ৰাসবাদী শিবিৰত 2017 চনত ছাৰ্জিকেল ষ্ট্ৰাইকত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ যাৰ বাবে এতিয়া প্ৰয়োজন হ’লে চীনা সৈন্যৰ বিৰুদ্ধেও ইয়াৰ উপযুক্ত ব্যৱহাৰ কৰা হ’ব বুলি কয় ৷
ইতিমধ্যে স্পেছিয়েল ফৰ্চেছ ইউনিট সমূহৰ মোতায়েন পূৱ লাডাখৰ সীমান্তৰ সন্মুখ ভাগৰ বিভিন্ন স্থানত কৰা হৈছে ৷ লগতে সৈনিক সকলক চীনৰ সৈতে শত্ৰুতা পালনৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকাৰ বিষয়েও সম্পূৰ্ণ ভাৱে অৱগত কৰা হৈছে ৷