অসম

assam

By

Published : Sep 28, 2020, 2:07 PM IST

ETV Bharat / bharat

ভাৰতত 60 লক্ষাধিক অতিক্ৰম কৰ'ণাৰ সংক্ৰমণ

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে উল্লেখ কৰা তথ্য অনুসৰি, ভাৰতত সোমবাৰলৈ কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 60,74,702 গৰাকী লোকলৈ ৷ আনহাতে মৃতকৰ সংখ্য়া 95,542 গৰাকীলৈ বৃদ্ধি পালে দেশত ৷

ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

নেশ্যনেল ডেস্ক, 28 চেপ্তেম্বৰ: সোমবাৰলৈ ভাৰতত কৰ'ণাৰ সংক্ৰমণে অতিক্ৰম কৰিলে 60 লক্ষাধিক লোকলৈ ৷ বিগত 24 ঘণ্টাত ভাৰতত নতুনকৈ 82,170 গৰাকী লোকৰ দেহত পোৱা গৈছে কৰ'ণা মহামাৰীৰ অৱস্থিতি ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰদান কৰা প্ৰতিবেদন অনুসৰি প্ৰকাশ কৰা হৈছে এই তথ্য ৷

আনহাতে দেশত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পালে 95,542 গৰাকীলৈ ৷ বিগচ 24 ঘণ্টাত কৰ'ণাত আক্ৰান্ত হৈ মুঠ 1,039 লোকৰ মৃত্যু হৈছে ৷ বৰ্তনানেও দেশত 9,62,640 গৰাকী সক্ৰিয় কৰ'ণা আক্ৰান্ত ৰোগী আছে ৷

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

উল্লেখ্য যে, ভাৰতত সোমবাৰলৈ 60,74,702 লোকলৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৷ অৱশ্যে এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যাও 50,16,520 গৰাকীলৈ বৃদ্ধি পাইছে, যিটো মুঠ আক্ৰান্তৰ সংখ্যাৰ 82.58 শতাংশ ৷

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে উল্লেখ কৰা তথ্য অনুসৰি, ভাৰতত মুঠ 7.20 কোটি নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ৷ 27 চেপ্তেম্বৰৰ দিনটোত দেশজুৰি মুঠ 7.09 লাখ নমুনা পৰীক্ষা কৰা হৈছে ৷

নতুনকৈ মৃত্যু হোৱা 1,039 লোক ভিতৰৰ 380 গৰাকী মহাৰাষ্ট্ৰৰ, 80 গৰাকী তামিনাডুৰ, 79 গৰাকী কৰ্ণাটকৰ, 77 গৰাকী উত্তৰ প্ৰদেশৰ, 60 গৰাকী পশ্চিম বংগৰ আৰু 50 গৰাকী পাঞ্জাৱৰ ৷

লগতে পঢ়ক:কৃষকে আত্মনিৰ্ভৰ ভাৰতৰ বাবে বিশেষ অৰিহণা যোগাইছে : প্ৰধানমন্ত্ৰী

ABOUT THE AUTHOR

...view details