অসম

assam

ETV Bharat / bharat

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

ভাৰতত 59,92,532 গৰাকী লোকলৈ বৃদ্ধি পালে কৰ'ণাৰ সংক্ৰমণ ৷ ইয়াৰ বিপৰীতে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 94,503 গৰাকীলৈ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে উল্লেখ কৰে এই তথ্য ৷

ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

By

Published : Sep 27, 2020, 12:52 PM IST

নেশ্যনেল ডেস্ক, 27 ছেপ্তেম্বৰ: ভাৰতত 60 লক্ষাধিক অতিক্ৰমৰ দিশে আগবাঢ়িছে কৰ'ণা মহামাৰীৰ সংক্ৰমণ ৷ বিগত 24 ঘণ্টাৰ ভিতৰত দেশত নতুনকৈ 88,600 গৰাকী লোকৰ দেহত পোৱা গৈছে কৰ'ণা মহামাৰীৰ অৱস্থিতি ৷ এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যাও 49 লক্ষাধিকলৈ বৃদ্ধি পাইছে ৷ দেশজুৰি আৰোগ্য লাভ কৰা লোকৰ সংখ্যা মুঠ আক্ৰান্তৰ সংখ্যাৰ 82.46 শতাংশ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ দৈনিক প্ৰতিবেদন অনুসৰি প্ৰকাশ কৰা হৈছে এই তথ্য ৷

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

দেশজুৰি কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালে 59,92,532 গৰাকীলৈ ৷ এই ক্ষেত্ৰত বিগত 24 ঘণ্টাত 1,124 গৰাকী লোকৰ মৃত্যুৰ সংখ্যাৰে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায় 94,503 গৰাকীলৈ ৷

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে উল্লেখ কৰা তথ্য অনুসৰি, ভাৰতত বৰ্তমানলৈ মুঠ 7,12,57,836 টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ৷ 26 ছেপ্তেম্বৰত মুঠ 9,87,861 টা নমুনাৰ পৰীক্ষা সম্পন্ন হৈছে ৷

লগতে পঢ়ক:দেশৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী যশৱন্ত সিঙৰ দেহাৱসান

ABOUT THE AUTHOR

...view details