অসম

assam

By

Published : Sep 24, 2020, 3:55 PM IST

ETV Bharat / bharat

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

ভাৰতত 57 লক্ষাধিক লোকলৈ অতিক্ৰম কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্যাই ৷ আনহাতে 91,149 গৰাকী লোকলৈ বৃ্দ্ধি পালে মৃতকৰ সংখ্যা ৷

ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

নেশ্যনেল ডেস্ক, 24 ছেপ্তেম্বৰ:ভাৰতত কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যাই অতিক্ৰম কৰিলে 57 লক্ষাধিক ৷ ইয়াৰ বিপৰীতে এই মহামাৰীৰ কৱলৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যাও বৃদ্ধি পালে 46 লক্ষাধিক লোকলৈ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে বৃহস্পতিবাৰে প্ৰদান কৰে এই তথ্য ৷

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

বিগত 24 ঘণ্টাত নতুনকৈ 86,508গৰাকী লোকৰ কৰ'ণাত আক্ৰান্ত হোৱাৰ পাচতে ভাৰতত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ 57,32,518গৰাকী লোকলৈ বৃদ্ধি পায় ৷ আনহাতে শেহতীয়া 24 ঘণ্টাৰ ভিতৰত 1,129 গৰাকী লোকে এই মহামাৰীত আক্ৰান্ত হৈ মৃত্য়ুক সাৱটি লৈছে ৷ ইয়াৰ লগে লগে দেশত মৃতকৰ সংখ্যা বৃদ্ধি পালে 91,149 গৰাকীলৈ ৷

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে প্ৰদান কৰা তথ্য অনুসৰি বৰ্তমালৈ ভাৰতত মুঠ 6,74,36,031 নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ৷ 23 ছেপ্তেম্বৰত দেশজুৰি 11,56,569 গৰাকী লোকৰ পৰীক্ষণ সম্পন্ন হৈছে ৷

লগতে পঢ়ক:মোদী আৰু ঝীৰ বৈঠকেহে অৱসান ঘটাব প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ বিবাদ

ABOUT THE AUTHOR

...view details