অসম

assam

By

Published : Sep 2, 2020, 3:52 PM IST

ETV Bharat / bharat

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

সমগ্ৰ ভাৰত বৰ্ষতে কৰ'ণা আক্ৰান্তৰ সংখ্যা অতিক্ৰম কৰিলে মুঠ 37,69,523 গৰাকী লোকলৈ ৷ বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, এই পৰ্যন্ত দেশত এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে 66,333 গৰাকীলৈ ৷

ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

নেশ্যনেল ডেস্ক, 2 চেপ্তেম্বৰ: এটা দিনতে নতুনকৈ 78,357 কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সৈতে ভাৰতবৰ্ষত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 37 লাখৰ ঘৰ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰাণালয়ৰ তথ্য অনুসৰি, ইতিমধ্যে 29 লাখ গৰাকী COVID-19 আক্ৰান্তই আৰোগ্য লাভ কৰিছে, যাৰ লগে লগে আৰোগ্য লাভ কৰা লোকৰ হাৰ হৈছে গৈ 76.98 শতাংশ ৷

পুৱা 8 বজাত প্ৰকাশিত তথ্য অনুসৰি বিগত 24 ঘন্টাত 1045 জন কৰ'ণা আক্ৰান্ত লোকে মৃত্যুক সাৱটি লৈছে আৰু মৃত্যুৰ সংখ্যাই 66,333ৰ ঘৰ অতিক্ৰম কৰাৰ বিপৰীতে, ভাৰতবৰ্ষত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় 37,69,523গৰাকী লোকলৈ ৷

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

তথ্য অনুসৰি মৃত্যুৰ হাৰ 1.76শতাংশলৈ হ্ৰাস পাইছে আৰু এতিয়ালৈকে COVID-19 ত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা লোকৰ মুঠ সংখ্যা হৈছেগৈ 29,01,908গৰাকী ৷ দেশত বৰ্তমান 8,01,282গৰাকী সক্ৰিয় COVID-19 আক্ৰান্ত ৰোগী আছে ৷ এই কেইগৰাকী ৰোগী দেশত এতিয়ালৈকে আক্ৰান্ত হোৱা মুঠ সংখ্যাৰ 21.26 শতাংশ ৷

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মতে 1 চেপ্তেম্বৰলৈ ভাৰতত সৰ্বমুঠ 4,43,37,201টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে, ইয়াৰ ভিতৰত মঙলবাৰে 10,12,367টা পৰীক্ষা সম্পন্ন হয় ৷

লগতে পঢ়ক:চলন্ত বাছত মহিলাক ধৰ্ষণ:আৰক্ষীৰ পৰা প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মহিলা আয়োগে

ABOUT THE AUTHOR

...view details